বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে আজি শিৱসাগৰ জিলাৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বি টি চি প্রধানগৰাকীয়ে এটা ১০৪ জনীয়া দলেৰে বান বিধ্বস্ত জিলাখনত সাহায্য প্ৰদানৰ উদ্দেশ্যেৰে উপস্থিত হয়। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দলটোক আদৰণি জনায়। মহিলাৰীৰ নেতৃত্বত যোৱা দলটোৱে বানত ক্ষতিগ্রস্ত দুর্গম অঞ্চলৰ প্ৰায় ১০ হাজাৰ লোকক সাহায্য সামগ্রী বিতৰণ কৰে। পৰিদৰ্শনৰ সময়ত মহিলাৰীয়ে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যাসমূহ শুনি সম্ভৱপৰ সহায়-সহযোগিতাৰ আশ্বাস প্রদান কৰে।
Assamese | August 6, 2026 7:41 PM | Hagrama Mahilari
বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন