বৰপেটা জিলাৰ জলপথসমূহ বিয়লি ৪ বজাৰ পাছত সকলো ধৰণৰ বিভাগীয় আৰু ব্যক্তিগত নাও, ফেৰী আদিৰ চলাচল নিষিদ্ধ

বৰপেটা জিলাৰ জলপথসমূহ বিয়লি ৪ বজাৰ পাছত সকলো ধৰণৰ বিভাগীয় আৰু ব্যক্তিগত নাও, ফেৰী আদিৰ চলাচল নিষিদ্ধ কৰা হৈছে। বৰপেটা জিলা আয়ুক্ত নৱদীপ পাঠকে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে।

অতি জৰুৰী কাৰণৰ বাহিৰে বিয়লি ৪ বজাৰ পাছত জিলাখনত জলপথেৰে কোনো ধৰণৰ যাতায়াত চলিব নোৱাৰিব বুলি এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে। কুঁৱলী আৰু সন্ধিয়াৰ আন্ধাৰৰ পৰিপ্ৰেক্ষিতত যিকোনো অপ্ৰত্যাশিত ঘটনা ৰোধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নির্দেশ কঠোৰভাৱে বলবৎ হোৱাকৈ সংশ্লিষ্ট অঞ্চলৰ চক্ৰ বিষয়াসকলে নিশ্চিত কৰিব লাগিব বুলি জিলা আয়ুক্তই নির্দেশ প্রদান কৰিছে।

আনহাতে, নিষেধাজ্ঞা বলবৎ নোহোৱা সময়ছোৱাত চলাচল কৰা ফেৰী, নাও আদিত যাত্ৰীৰ সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগিব বুলিও স্পষ্টকৈ উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপত্ৰ নৈত সন্ধিয়াৰ ভাগত একাধিক দুৰ্ঘটনা সংগঠিত হোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ আয়ুক্তই এই নিৰ্দেশনা জাৰি কৰিছে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।