July 24, 2026 7:04 PM
3
বৰপেটাৰ নগাঁও খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বাৰাদী আয়ুষ্মান মন্দিৰত নিক্ষয় শিবিৰ
ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূল কাৰ্যসূচীৰ অংশ হিচাপে আজি বৰপেটা জিলা ৰাষ্ট্ৰীয় অভিযানৰ উদ্যোগত জিলাখনৰ নগাঁও খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বাৰাদী আয়ুষ্মান মন্দিৰত নিক্ষয় শিবিৰ অনুষ্ঠিত হয়। দুয়োটা শিবিৰত শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সজাগতা সভাৰো আয়োজন কৰা হয়। শিবিৰত ৰোগীসকলক যক্ষ্মাৰোগৰ স্ক্রিনিং কৰাৰ লগতে একাংশ লোকক অধিক স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ বাবে পৰামৰ্শ দিয়া হয়।