■ বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত আজি দুপৰীয়া সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত আৰু এজন লোক আহত হয়।
ইপিনে বজালী জিলাৰ পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত চুলিয়াপাৰাৰ সিদ্ধেশ্বৰ শৰ্মা নামৰ লোকজনৰ মৃত্যু হয়। ৰান্ধনী হিচাপে জীৱিকা নিৰ্বাহ কৰা শৰ্মাই নিজৰ কাম সমাপ্ত কৰি ঘৰলৈ আহি থকা অৱস্থাত এখন বাহনে তেওঁক মহতিয়াই লৈ যায়। ততাতৈয়াকৈ তেওঁক পাঠশালা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদি চিকিৎসকে মৃত ঘোষণা কৰে ৷
Assamese | September 25, 2025 8:03 PM | Aakashbani | Accident | Barpeta
বৰপেটাত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত