ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আজি বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে এখন কর্মশালা অনুষ্ঠিত হয়। বৰপেটা ৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত কর্মশালাখনত এনে উদ্যোগৰ লগতে ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে জড়িত প্রায় ৪০০ প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সৈতে জড়িত সকলক তেওঁলোকৰ ব্যৱসায়ৰ পৰা সৰ্বোচ্চ লাভ কি দৰে কৰিব পাৰি, সামগ্ৰীৰ বিপণন আৰু বিক্ৰীৰ বাবে চৰকাৰে কেনেধৰণৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নিজৰ উদ্যোগটোক কেনেদৰে অধিক উন্নত কৰিব পাৰি আদি দিশবোৰৰ বিষয়ে সমল ব্যক্তিসকলে অৱগত কৰে। এই কর্মশালাতে দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়।
Assamese | May 21, 2025 6:53 PM | Akashvani Guwahati | Akashvani News | Barpeta | Local news
বৰপেটা ৰোডত জিলাখনৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিকাশ সাধনৰ উদ্দেশ্যে কর্মশালা অনুষ্ঠিত