বৰপেটা জিলাৰ উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক

● কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে।

জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা জিলাত ৰূপায়ণ হৈ থকা কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়।

আঁচনিসমূহৰ লগত জড়িত বিভাগসমূহৰ জিলা মুৰববী আৰু প্রতিনিধি তথা বিষয়াসকলে নিজ নিজ কামৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। প্ৰতিটো কাম সম্পূৰ্ণ কৰাৰ সময়সীমা, পুঁজি আবণ্টন, পুঁজি ব্যয়, কাম সম্পূৰ্ণ কৰাত সৃষ্টি হোৱা অসুবিধা আদিৰ বিষয়ে সাংসদগৰাকীয়ে বুজ লয়।

এই ক্ষেত্রত জিলাখনৰ বিধায়কসকলৰো মন্তব্য গ্রহণ কৰা হয়। আঁচনি ৰূপায়ণ প্রক্রিয়া সহজ কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষক সমন্বয় আৰু সহযোগিতাৰে আগবাঢ়ি যাবলৈ সাংসদ চৌধুৰীয়ে আহ্বান জনায়।

এনে সমন্বয়ৰ ফলাফল সন্দৰ্ভত পৰৱৰ্তী সময়ত পৰ্যালোচনা কৰা হ’ব বুলিও সাংসদগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।