June 25, 2026 9:54 PM

views 27

বৰপেটা জিলাৰ উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক

● কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা জিলাত ৰূপায়ণ হৈ থকা কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। আঁচনিসমূহৰ লগত জড়িত বিভাগসমূহৰ জিলা মুৰববী আৰু প্রতিনিধি তথা বিষয়াসকলে নিজ নিজ কামৰ অগ্ৰগ...

September 7, 2024 6:30 PM

views 86

বৰপেটা পৌৰসভাৰ ২২টা ৱাৰ্ডৰ ভিতৰত ১৯টা ৱাৰ্ডত পানী পৰিশোধন কেন্দ্ৰ স্থাপন

সাংসদ তথা পৌৰসভাৰ পদেন সদস্য ফণীভূষণ চৌধুৰীয়ে আজি ১৫ নম্বৰ ৱাৰ্ডত এটা পানী পৰিশোধন কেন্দ্ৰ মুকলি কৰে। এই উপলক্ষে অনুষ্ঠানত ভাষণ দি শ্রী চৌধুৰীয়ে কয় যে, বৰপেটা পৌৰসভাৰ ২২টা ৱাৰ্ডৰ ভিতৰত ১৯টাত এনে পৰিশোধন কেন্দ্ৰ স্থাপন কৰা হৈছে। বাকী ৩টা ৱাৰ্ডত পৰৱৰ্তী পৰ্যায়ত স্থাপন কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে।