যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশ, ক্রীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নয়নৰ বাবে তামুলপুৰ জিলাৰ দ্বাৰকুছিৰ পঠালিকুছি মিনি ষ্টেডিয়ামত আজিৰে পৰা ৪ দিনীয়াকৈ বিপিএফৰ উদ্যোগত যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে।
আজি পুৱা মূল তোৰণ উন্মোচনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে ছহিদ তৰ্পণ আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
অনুষ্ঠানৰ অংশ হিচাপে শান্তিৰ প্ৰতীক পাৰ চৰাই আৰু ৰঙীন বেলুন উৰুওৱা হয়। উল্লেখযোগ্য যে বিপিএফে বিটিআৰৰ জিলা কেইখনত যুৱ মহোৎসৱৰ আয়োজন কৰি আহিছে।