October 27, 2026 6:12 PM

views 2

তামুলপুৰ জিলাৰ দ্বাৰকুছিৰ পঠালিকুছি মিনি ষ্টেডিয়ামত আজিৰে পৰা ৪ দিনীয়াকৈ বিপিএফৰ উদ্যোগত যুৱ মহোৎসৱ অনুষ্ঠিত

যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশ, ক্রীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নয়নৰ বাবে তামুলপুৰ জিলাৰ দ্বাৰকুছিৰ পঠালিকুছি মিনি ষ্টেডিয়ামত আজিৰে পৰা ৪ দিনীয়াকৈ বিপিএফৰ উদ্যোগত যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। আজি পুৱা মূল তোৰণ উন্মোচনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে ছহিদ তৰ্পণ আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে শান্তিৰ প্ৰতীক পাৰ চৰাই আৰু ৰঙীন বেলুন উৰুওৱা হয়। উল্লেখযোগ্য যে বিপিএফে বিটিআৰৰ জিলা কেইখনত যুৱ মহোৎসৱৰ আয়োজন কৰি আহিছে।

October 27, 2026 12:06 PM

views 2

মুছলপুৰৰ বাথৌপুৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে বি পি এফ দলৰ যুৱ মহোৎসৱ অনুষ্ঠিত

বাক্সা জিলাৰ মুছলপুৰৰ বাথৌপুৰীত কালিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বি পি এফ দলৰ যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। বিটিচিৰ নৱ প্ৰজন্মক সাহিত্য-সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ প্ৰয়াসেৰে এই যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। কালি যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কয়, যে বি টি চিৰ ভিতৰুৱা অঞ্চলৰ যুৱক-যুৱতীসকলৰ লুকাই থকা প্ৰতিভা উলিয়াই আনিবলৈ এই প্ৰচেষ্টা হাতত লোৱা হৈছে। বি টি চি প্ৰধানগৰাকীয়ে অনুষ্ঠানত ভাগ লোৱা যুৱক-যুৱতীসকলৰ সৈতে মত ...