বাক্সা জিলাৰ মুছলপুৰৰ বাথৌপুৰীত কালিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বি পি এফ দলৰ যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। বিটিচিৰ নৱ প্ৰজন্মক সাহিত্য-সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ প্ৰয়াসেৰে এই যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। কালি যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কয়, যে বি টি চিৰ ভিতৰুৱা অঞ্চলৰ যুৱক-যুৱতীসকলৰ লুকাই থকা প্ৰতিভা উলিয়াই আনিবলৈ এই প্ৰচেষ্টা হাতত লোৱা হৈছে। বি টি চি প্ৰধানগৰাকীয়ে অনুষ্ঠানত ভাগ লোৱা যুৱক-যুৱতীসকলৰ সৈতে মত বিনিময় কৰে।
Assamese | October 27, 2026 12:06 PM | Youth Festival
মুছলপুৰৰ বাথৌপুৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে বি পি এফ দলৰ যুৱ মহোৎসৱ অনুষ্ঠিত