বাক্সা জিলা প্রশাসনৰ ২৩ সংখ্যক জিলা দিৱস উদযাপন

বাক্সা জিলা প্রশাসনে আজি ২৩ সংখ্যক জিলা দিৱস উদযাপন কৰিছে। ২০০৩ চনৰ আজিৰ দিনটোতে বি টি চি চুক্তি অনুসৰি নলবাৰী, কামৰূপ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি বাক্সা জিলা গঠন কৰা হৈছিল। জিলা দিৱস উপলক্ষে আজি এটা শোভাযাত্ৰা উলিওৱাৰ লগতে গছপুলি ৰোপণ, প্ৰদৰ্শনী আৰু বিপণী মুকলিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।
চিৰাং জিলা প্ৰশাসনেও আজি ২২ সংখ্যক জিলা দিৱস উদ্যাপন কৰে।

কাজল গাঁৱৰ জিলা পেৰেড গ্রাউণ্ডত আয়োজিত অনুষ্ঠানত সাংসদ ৰনগৌৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, বিধায়ক পানীৰাম ব্ৰহ্ম, বি টি চিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱাৰ লগতে আত্মসহায় গোট তথা উদ্যোগীসকললৈ বিভিন্ন বেংকৰ জৰিয়তে ঋণ প্ৰদান কৰা হয়৷

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগতো আজি ২৪ সংখ্যক জিলা দিৱস উদযাপন কৰা হয়। মন্ত্ৰী চৰণ বড়ো, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী আৰু জিলা আয়ুক্ত পুলক পাটগীৰিয়ে বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ শ্ৰী বড়োয়ে তেওঁৰ ভাষণত অহা ৫ বছৰৰ ভিতৰত জিলাখনত এখন চিকিৎসা মহাবিদ্যালয় আৰু এখন পূৰ্ণাংগ বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰচেষ্টা চলাই থকাৰ বিষয়ে অৱগত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।