October 7, 2026 12:45 PM | Dibrugarh

printer

ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটী মহাবিদ্যালয়ৰ অনুষ্ঠানত সুশান্ত বৰগোহাঁই উপস্থিত

ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটী মহাবিদ্যালয়ত অনুষ্ঠিত নন্দলাল বৰগোহাঁই স্মৃতিচাৰণ অনুষ্ঠানত জলসম্পদ তথা ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই উপস্থিত থাকে। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, শিক্ষা মহীয়ান নন্দলাল বৰগোহাঁইৰ দূৰদৰ্শী চিন্তাৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে কয়, যে বর্তমান বিশ্বজুৰি যি দক্ষতা বিকাশৰ কথা আলোচনা কৰা হৈছে, সেই ধাৰণা নন্দলাল বৰগোহাঁইয়ে মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ আৰম্ভণিতেই অনুধাৱন কৰিছিল। শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ লগতে দক্ষতামূলক কাম-কাজৰ সৈতে নিজক প্ৰতিষ্ঠিত কৰাৰ বাবে মহাবিদ্যালয়খনত প্রয়াত বৰগোহাঁইয়ে এটা পৰিৱেশ সৃষ্টি কৰিছিল। তেওঁৰ সকলোবোৰ পৰিকল্পনাই যুৱ প্ৰজন্মৰ সপোনক বাস্তবায়িত কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰীবৰগোহাঁইয়ে কয় যে কেৱল উচ্চ শিক্ষাই নহয় আত্মবিশ্বাস, প্ৰতিষ্ঠা আৰু উপযুক্ত দক্ষতাহে আজিৰ সময়ত এখন সুৰক্ষিত সমাজৰ নেতৃত্ব বহণ কৰিবলৈ ছাত্ৰ সমাজক সমৰ্থ কৰি তুলিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।