ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ অইল ইণ্ডিয়া লিমিটেডৰ আই টি এফত সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ লৈ বৃদ্ধি

ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ অইল ইণ্ডিয়া লিমিটেডৰ আই টি এফত কালি সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ লৈ বৃদ্ধি পাইছে। কালি পুৱা অইলৰ ইণ্টাৰমিডিয়েট টেংক ফার্ম চমুকৈ আই টি এফত মেৰামতিৰ কাম চলি থকাৰ সময়তে খাৰুৱা তেলভর্তি এটা টেংকত অগ্নিসংযোগ ঘটি বিস্ফোৰণ হয়। বিস্ফোৰণৰ ফলত মুহূৰ্ততে চৌহদটো জুইয়ে আগুৰি ধৰে।

টেংক ফাৰ্মৰ স্থায়ী অগ্নিনির্বাপক ব্যৱস্থাৰ লগতে অইলৰ অগ্নিনির্বাপক সেৱা বিভাগকে ধৰি মুঠ ১১ খন অগ্নি নির্বাপক বাহনৰ প্ৰচেষ্টাত দুপৰীয়ালৈ জুই নিয়ন্ত্ৰণ কৰা হয়। এই দুৰ্ঘটনাত টেঙাখাট বৰদলনি গাঁৱৰ ৰাজু দত্ত নামৰ এগৰাকী কৰ্মচাৰী থিতাতে মৃত্যু ঘটে। আনহাতে, গুৰুতৰভাৱে আহত তাপস গগৈৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰূপম গোহাঁই নামৰ আন এজন লোকৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। ইতিমধ্যে অগ্নিকাণ্ডত আহতসকল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অইল হাস্পতালত চিকিৎসাধীন হৈ আছে।

এই অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। শ্ৰীসোণোৱালে ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ সৈতে কথা পাতে আৰু আহতসকলৰ উন্নত চিকিৎসা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। লগতে কেন্দ্রীয় মন্ত্ৰীগৰাকী আৰু মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চিকিৎসালয়লৈ গৈ এই ঘটনাত আহতসকলৰ স্বাস্থ্যৰ বুজ লয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ডিব্ৰুগড় জিলাৰ টেঙাখাত অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবে অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ সৈতে যোগাযোগ কৰে। এই দুৰ্ঘটনাত আহতসকলৰ চিকিৎসা সেৱা নিশ্চিত কৰাৰ লগতে নিহতসকলৰ পৰিয়ালৰ পৰ্যাপ্ত ক্ষতিপূৰ্ণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈও প্ৰধান সচিবগৰাকীয়ে আহ্বান জনাইছে। ইয়াৰ পাছতে অইল ইণ্ডিয়া লিমিটেডে এই ঘটনাত নিহতসকলৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ আৰু আহতসকলক ৫ লাখ টকাৰ সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।

এই ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাৰ তদন্তৰ বাবে অইল ইণ্ডিয়া লিমিটেডে ৫ জনীয়া সমিতি গঠন কৰিছে। ইয়াৰ উপৰি এই ঘটনাৰ পাছতে অইল ইণ্ডিয়া লিমিটেডে কৰ্মৰত তিনিগৰাকী বিষয়া আৰু এগৰাকী কৰ্মচাৰীক নিলম্বন কৰিছে। অগ্নিকাণ্ডত আহতসকলৰ চিকিৎসাল দায়িত্ব অইল ইণ্ডিয়া লিমিটেডে ল’ব বুলি প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ প্ৰাণকোষ বুজৰবৰুৱাই সদৰি কৰিছে।