ডিব্ৰুগড়ত থকা ৰে’ল মন্ত্ৰালয়ৰ ১০ বিঘা ভূমিত বৃহৎ গাড়ী পার্কিং স্থান নিৰ্মাণ কৰা হ’ব। ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে এই নিৰ্মাণৰ বাবে আজিৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰি কাম আৰম্ভ কৰাৰ বাবে ৰে’ল বিভাগক নির্দেশ দিছে।
কালি ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্বল ফুকনে কালি ৰে’ল মন্ত্ৰীগৰাকীক কৰা সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে।
উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ, উপ-মেয়ৰগৰাকীয়ে কালি ৰে’লমন্ত্ৰীগৰাকীক নতুন দিল্লীত সাক্ষাৎ কৰে।
এই পত্ৰত ডিব্ৰুগড়ত থকা ৰে’ল বিভাগৰ মাটিত গাড়ী পার্কিং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰে’লমন্ত্ৰীক অনুৰোধ জনোৱা হৈছে।