September 2, 2026 1:43 PM | Dibrugarh

printer

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতত ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এজনক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড ৰায় দিছে। ৰায়দান কৰা গোচৰসমূহৰ ভিতৰত ডিব্ৰুগড় থানা চৌহদত সংঘটিত এটা নৃশংস হত্যাকাণ্ডৰ গোচৰত বিশেষ গুৰুত্ব সহকাৰে

লোৱা হয়। ডিব্ৰুগড় আৰক্ষীৰ কনিষ্টবল বিকি চেতিয়াই নিজৰ ছাৰ্ভিচ কাৰ্বাইনেৰে পত্নীক গুলীয়াই হত্যা কৰা গোচৰত চেতিয়াক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। আন চাৰিটা গোচৰত ৰাজীৱ চুংকাং, দিপু মেচ, চুক্ৰাম মূৰা আৰু ৰাজু চেতিয়া নামৰ লোককেইজনক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে আন এটা হত্যাৰ চেষ্টাৰ গোচৰত পুতুল গড় নামৰ অভিযুক্তজনক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।