অসম স্বাস্থ্যসেৱা সমবায় সমিতিৰ উদ্যোগত আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চিকিৎসক বিদুৎ বিকাশ চৌধুৰী আৰু কেইবাগৰাকীও চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়। তদুপৰি জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ ডা০ বিজুলী গোস্বামীয়ে সাংবাদিক সকলৰ চকু পৰীক্ষা কৰে। কমেও ৭৫ গৰাকী সাংবাদিকে এই শিবিৰত চকু আৰু স্বাস্থ্য পৰীক্ষা কৰোৱায়৷
Assamese | July 2, 2024 8:04 PM | Akashvani | Akashvani Guwahati | Guwahati Press Club
গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত