গুৱাহাটী প্ৰেছ ক্লাব আৰু ইন্ লি ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত কৃতি শিক্ষয়িত্ৰী প্রয়াত লীলাৱতী দাসৰ স্মৃতিত অহা ৭ নৱেম্বৰত আন্তঃ সংবাদমাধ্যম একক আৰু দ্বৈত কবিতা আবৃত্তি প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত একক আৰু দ্বৈত কবিতা দুয়োটা শাখা মিলি একোটা সংবাদ প্ৰতিষ্ঠানৰ সৰ্বাধিক ছগৰাকী প্রতিযোগীয়েহে অংশগ্রহণ কৰিব পাৰিব।
একক আবৃত্তিৰ বাবে পাঁচটা কবিতা নির্বাচন কৰি দিয়া হৈছে। ইয়াৰে যিকোনো এটা আবৃত্তি কৰিব লাগিব। কবিতা কেইটা হ’ল নৱকান্ত বৰুৱাৰ এন্ধাৰ ৰাতিৰ ইলিজী, নীলমণি ফুকনৰ স্বপ্নবাসৱদত্তা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাঞ্চনজংঘাৰ বুৰঞ্জী আৰু নতুন, আৰু হেম বৰুৱাৰ জাৰৰ দিনৰ সপোন। একক কবিতাৰ আবৃত্তিত শাৰীৰ পুনৰাবৃত্তি তথা সংগীত (বাদ্যযন্ত্ৰ) ব্যৱহাৰ কৰিব নোৱাৰিব ।
আনহাতে, দ্বৈত আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতা পাঁচটা হ’ল – অম্বিকাগিৰী ৰায়চৌধুৰীৰ অগ্নি-বীণাৰ তান, নলিনীবালা দেৱী জন্মভূমি, ভূপেন হাজৰিকাৰ ভাঙ্- শিল ভাঙ্, প্ৰসন্নলাল চৌধুৰীৰ কাঠ ফালোঁতাৰ গান আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰবিদ্ৰোহী। দ্বৈত আবৃত্তিত দুজন পুৰুষ অথবা দুগৰাকী নাৰী অথবা এজন পুৰুষ-এগৰাকী নাৰী এনেধৰণৰ সমীকৰণেৰে দল গঠন কৰিব পাৰিব। কবিতাৰ কোনো কোনো শাৰীৰ/অংশৰ পুনৰাবৃত্তি কৰিব পাৰিব কবিতাটোৰ শাৰীবোৰ দুয়োগৰাকীয়ে একেলগে আবৃত্তি কৰিব লাগিব।
দ্বৈত আবৃত্তি প্রতিযোগিতাত সংগীত ব্যৱহাৰ কৰিব পাৰিব। দুয়োটা শাখাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক নগদ ধন, কিতাপৰ টোপোলা, ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ’ব। ৫ নৱেম্বৰৰ ভিতৰত সংবাদপ্ৰতিষ্ঠানৰ পেডত অংশগ্ৰহণকাৰীসকলৰ নাম লিখি গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদকৰ হাতত জমা দিব লাগিব।