■ গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে অহা ১৫ মার্চ শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রাম প্ৰাংগণত সন্ধিয়া ৬ বজাত গান্ধাৰীৰ অভিশাপ নামৰ এখনী ভাওনা পৰিৱেশন কৰিব। গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধৰ আধাৰত মাতৃভাষাত ৰচিত এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড০ দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শইকীয়া, কৰ্ণ চৰিত্ৰত শোণিত কুমাৰ ভূঞা, শকুনি চৰিত্ৰত অভিজিৎ গোস্বামী আৰু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছে বিমল ভূষণ মহন্তই। গান্ধাৰীৰ চৰিত্ৰত অভিনয় কৰিছে এঞ্জেলা চাংমাই। এই ভাওনাৰ আখৰা প্ৰতিনিশাই গুৱাহাটীৰ লাষ্টগে’টত চলি আছে।
Assamese | March 13, 2025 11:31 AM | Akashvani Guwahati | Akashvani News | Bhauna | Guwahati Press Club
গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ ‘গান্ধাৰীৰ অভিশাপ’ নামৰ ভাওনা পৰিৱেশন