দীপাৱলী আৰু যটপূজাকে ধৰি উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ ভীৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ১৮ হাজাৰ বিশেষ ৰে’ল চলাচলৰ দিহা কৰা হৈছে বুলি ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে।
নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয় যে যোৱা বছৰ উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলক নিজ নিজ গন্তব্য স্থানত উপস্থিত হোৱাত সহায় কৰাৰ উদ্দেশ্যে প্রায় ১২ হাজাৰ বিশেষ ৰেলৰ সেৱা প্ৰৱৰ্তন কৰা হৈছিল।
তেওঁ কয় যে এইবেলি ছহাজাৰৰো অধিক বিশেষ ৰেলগাড়ী চলাচল কৰোৱা হৈছে। ইয়াকে লৈ এনে ৰেলগাড়ীৰ সংখ্যা ১৮ হাজাৰ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নতুন দিল্লী ৰে’ল ষ্টেছনৰ পৰা দৈনিক ৫ লাখৰো অধিক যাত্ৰীয়ে আহ- যাহ কৰে যদিও উৎসৱৰ বতৰত এই যাত্ৰীৰ সংখ্যা ৮ লাখৰো অধিক বৃদ্ধি পায়।