ৰাজ্যত কেৱল ২০২৬ বৰ্ষতে ৫১ হাজাৰ ৭০০ ৰো অধিক নতুন প্রাপ্তবয়স্ক কৰ্কট ৰোগী চিনাক্ত হোৱাৰ আশংকা

ৰাজ্যত কেৱল ২০২৬ বৰ্ষতে ৫১ হাজাৰ ৭০০ ৰো অধিক নতুন প্রাপ্তবয়স্ক কৰ্কট ৰোগী চিনাক্ত হোৱাৰ আশংকা আছে। ইয়াৰে ভিতৰত ২৮ হাজাৰ ১৪১ গৰাকী পুৰুষ আৰু ২৩ হাজাৰ ৫৯৩ গৰাকী মহিলা। ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস উপলক্ষে আজি ড° বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ কৰ্কট ৰোগ বিশেষজ্ঞ সকলে এইকথা সদৰি কৰে।

বিশেষজ্ঞসকলে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে আগতীয়া চিনাক্তকৰণ, জীৱন শৈলীৰ পৰিৱৰ্তন আৰু সুষম চিকিৎসা সেৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্ৰতিষ্ঠানটোৰ উপ সঞ্চালক ডাঃ অশোক কুমাৰ দাসে উত্তৰ পূৰ্বাঞ্চলত এই ৰোগৰ প্ৰাদূৰ্ভাৱৰ এখন উদ্বেগজনক ছবি উপস্থাপন কৰে।

তেওঁ কামৰূপ মহানগৰ জিলাত কৰ্কট ৰোগৰ হাৰ দেশৰ ভিতৰত সৰ্বাধিক বুলি মন্তব্য কৰে। জিলাখনত ৭৫ বছৰ বয়সৰ পূৰ্বে পুৰুষৰ ক্ষেত্ৰত ৪ গৰাকীৰ ভিতৰত এগৰাকী আৰু মহিলাৰ ক্ষেত্ৰত ৫ গৰাকীৰ ভিতৰত এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ প্ৰতিষ্ঠানটোত চিকিৎসা লাভ কৰা পুৰুষ ৰোগীৰ ৫৬ শতাংশ ধপাতজনিত কাৰণত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে।

Assam is likely to record an estimated over 51,700 new adult cancer cases in 2026 alone, with state-wide projections estimating 28,141 new cases among men and 23,593 among women. This projection was shared by senior oncologists of Dr. B. Borooah Cancer Institute (BBCI), Guwahati, during a media interaction programme organised on the occasion of National Cancer Awareness Day at the institute today. The oncologists underscored the urgent need for early detection, lifestyle modification, and equitable clinical access across the North-Eastern region.

Addressing the media, Deputy Director of the institute Dr. Ashok Kumar Das presented an alarming overview of the region’s epidemiological landscape, pointing out that Kamrup Urban district reports among the highest cancer burdens in the country. In Kamrup Urban, the lifetime risk of developing cancer before reaching the age of 75 stands at a startling 1 in 4 for males and 1 in 5 for females.

A major causative driver of the disease remains tobacco consumption. Data shows that 56% of male cancers registered at the cancer institute are tobacco-related. According to the latest Global Adult Tobacco Survey findings, overall adult tobacco prevalence in Assam stands at 48.2%, with smokeless tobacco consumption accounting for 41.7%.