November 7, 2026 8:50 PM
19
ৰাজ্যত কেৱল ২০২৬ বৰ্ষতে ৫১ হাজাৰ ৭০০ ৰো অধিক নতুন প্রাপ্তবয়স্ক কৰ্কট ৰোগী চিনাক্ত হোৱাৰ আশংকা
ৰাজ্যত কেৱল ২০২৬ বৰ্ষতে ৫১ হাজাৰ ৭০০ ৰো অধিক নতুন প্রাপ্তবয়স্ক কৰ্কট ৰোগী চিনাক্ত হোৱাৰ আশংকা আছে। ইয়াৰে ভিতৰত ২৮ হাজাৰ ১৪১ গৰাকী পুৰুষ আৰু ২৩ হাজাৰ ৫৯৩ গৰাকী মহিলা। ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস উপলক্ষে আজি ড° বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ কৰ্কট ৰোগ বিশেষজ্ঞ সকলে এইকথা সদৰি কৰে। বিশেষজ্ঞসকলে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে আগতীয়া চিনাক্তকৰণ, জীৱন শৈলীৰ পৰিৱৰ্তন আৰু সুষম চিকিৎসা সেৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত...