September 24, 2026 12:48 PM
10
উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ জনগোষ্ঠীয় ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা
মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশমৰ্মে আনন্দৰাম বৰুৱা ভাষা কলা সাংস্কৃতিক সংস্থাৰ উদ্যোগত অসমৰ জনগোষ্ঠীয় ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা কালিৰে পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অনুষ্ঠিত হৈছে। কাৰ্বি, দেউৰী, বড়ো, মিছিং, তিৱা আৰু ৰাভা ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদ কৰা হ'ব। এই কর্মশালাত আটাইকেইটা জনগোষ্ঠীৰ সমল ব্যক্তিসকলে অংশগ্রহণ কৰিছে। কৰ্মশালাৰ উপদেষ্টা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ এম কামালুদ্দিন, ড০ বিভা ভৰালীয়ে অংশ...