কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নীতিশ্বৰ কুমাৰৰ মায়ং থাংবঙা অংগবাড়ী কেন্দ্ৰ পৰিদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নীতিশ্বৰ কুমাৰে মায়ং সংহত শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত ৪ নম্বৰ ৱাৰ্ডৰ থাংবঙা অংগবাড়ী কেন্দ্ৰ আজি পৰিদৰ্শন কৰে৷

পৰিদৰ্শনকালত তেওঁ অংগবাড়ী কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰি কেন্দ্ৰটোৰ দৈনন্দিন কার্যকলাপ, শিশু সকলক প্ৰদান কৰা সেৱা আৰু ৰূপায়ন হৈ থকা বিভিন্ন শিশু বিকাশ তথা কল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। লগতে তৃণমূল পৰ্যায়ত এই আঁচনিসমূহৰ কাৰ্যকৰী ৰূপায়নৰ দিশসমূহো পৰ্যালোচনা কৰে।

এই পৰিদৰ্শনকালত জিলা সমাজ কল্যাণ বিষয়া, শিশু বিকাশ প্রকল্প বিষয়া আৰু চক্ৰ পৰিদৰ্শকসকল উপস্থিত থাকে। তৃণমূল পৰ্যায়ৰ এনে পৰিদৰ্শন চৰকাৰী আঁচনিসমূহৰ বাস্তৱিক ৰূপায়নৰ বুজ লোৱাৰ লগতে সেৱা প্ৰদানৰ মান উন্নত কৰা আৰু শিশুসকলৰ সুস্থ, সুৰক্ষিত তথা উজ্বল ভৱিষ্যত নিশ্চিত কৰাৰ দিশত সংশ্লিষ্ট সকলোৰে দায়বদ্ধতা অধিক শক্তিশালী কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।