চলিত পর্যটন বৰ্ষৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাইলৈৰ পৰা পৰ্যটকে হাতী চাফাৰী কৰিব পাৰিব। কঁহৰা বনাঞ্চলত বন বিভাগৰ আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত খণ্ডৰ হাতীত উঠি পর্যটকে ৰাষ্ট্ৰীয় উদ্যানখনৰ অপৰূপ সৌন্দৰ্য্য দৰ্শন কৰিব পাৰিব। আজি উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা এই বিষয়ে সদৰি কৰা হৈছে। হাতীসমূহ পৰ্যটকৰ কাৰণে সাজু কৰি তোলা হৈছে বুলিও ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে।
Assamese | October 31, 2026 9:09 PM | Akashvani | Akashvani Guwahati | kaziranga elephant safari
চলিত পর্যটন বৰ্ষৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাইলৈৰ পৰা পৰ্যটকে হাতী চাফাৰী কৰিব পাৰিব