October 24, 2026 1:33 PM
6
১ নৱেম্বৰৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি
অহা এক নৱেম্বৰৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হ'ব। ২০২৬-২৭ পৰ্যটন বৰ্ষৰ লগত সংগতি ৰাখি হাতী ছাফাৰীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোনহনীয়া হাতীসমূহ কাজিৰঙালৈ লৈ অহা হৈছে। বিশেষকৈ উত্তৰ গুৱাহাটী, গোৱালপাৰা, ছিপাঝাৰ, মঙলদৈ আদি অঞ্চলৰ পৰা অনা হাতীসমূহ কলীয়াবৰৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে উদ্যানখনলৈ লৈ অনা হৈছে। হাতীৰ পিঠিত উঠি পর্যটকসকলে কাজিৰঙাৰ সৌন্দৰ্য ওচৰৰ পৰা ওপভোগ কৰিব পাৰিব বুলি আশা কৰা হৈছে।