September 22, 2026 4:40 PM

views 15

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দিপ পাত্ৰ, ৰাজীৱ বাববৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু...

September 22, 2026 4:25 PM

views 16

ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ

ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ হৈছে। জাপানত চলি থকা এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ নিচিনৰ কৰগি ক্রীড়া উদ্যানত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ এই অভিলেখ গঢ়ে। ফাইনেলত শ্ৰীমতী মান্ধানাই ৩ টা ৬ আৰু ৩ টা ৪ ৰ সহায়ত প্ৰথম ৪ টা অভাৰত ভাৰতক সুন্দৰ অগ্ৰগতি দিয়ে। স্মৃতি মান্ধানাই ভাৰতৰ মহিলা ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ ১০ হাজাৰ ৮৬৮ ৰানৰ অভিলেখ ভংগ কৰে।

September 22, 2026 4:19 PM

views 29

আজি বিশ্ব গঁড় দিৱস

আজি বিশ্ব গঁড় দিৱস। বিশ্বত সম্প্ৰতি গঁড়ৰ পাঁচটা প্রজাতি পোৱা যায়। এই পাঁচ প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গঁড় দিৱস পালন কৰা হৈ আহিছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে – ‘পাঁচ প্রজাতিক জীয়াই ৰখা’। ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গঁড়ৰ খড়গৰ অবৈধ বেহা প্রতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্রায় ৫ লাখ গঁড় আছিল যদিও সম্প্রতি এই সংখ্যা প্ৰায় ২৭ হাজাৰলৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা ...

September 22, 2026 4:12 PM

views 16

পৰম্পৰাগত ৰীতি-নীতিৰে আজি কৰম পূজা উদযাপন

চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পূজা উদযাপন কৰিছে। চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই উৎসৱ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ভাতৃত্ববোধৰ প্ৰেৰণাৰে সংপৃক্ত হৈ আছে। এই উৎসৱক চহকী জনজাতীয় সংস্কৃতি আৰু জীৱনৰ প্ৰমূল্যৰ উৎকৃষ্ট নিদর্শন বুলি শ্রীমতী মুৰ্মুৱে বৰ্ণনা কৰে। তেওঁ কয়, যে এই উৎসৱে সকলোকে প্রকৃতিক সুৰক্ষা দিবলৈ আৰু সমন্বয়েৰে কাম কৰি...

September 22, 2026 3:59 PM

views 6

মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনীৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনী, এ এন টি এফৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। এই দুদিনীয়া সমাৰোহত ড্ৰাগছৰ কবলৰ পৰা ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী মঞ্চ তৈয়াৰত গুৰুত্ব দিয়া হ'ব। মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰোই আয়োজন কৰা এই সমাৰোহত এ এন টি এফৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকল উপস্থিত আছে। সংহত সমাধান, দায়িত্ববোধৰ ভাগ বাটোৱাৰাক মূল বিষয় হিচাপে লৈ আয়োজিত...

September 22, 2026 6:23 PM

views 9

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ’লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিবঃ মুখ্যমন্ত্ৰী

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ'লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান- ইছৰ'ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয়। তেওঁ ৰাজ্যৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ আহ্বান জনায়। ইছৰ’ৰ অধ্যক্ষ ড° ভি নাৰায়ণনৰ উপস্থিতিত গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সোণাপুৰৰ ছায়েন্স চিটী আৰু মহা...

September 19, 2026 9:29 PM

views 16

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰা বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটার্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছ...

September 19, 2026 9:20 PM

views 15

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন...

September 14, 2026 9:26 PM

views 8

ডাক বিভাগৰ সৰ্বভাৰতীয় কৰ্মচাৰী সংস্থাৰ প্রতিনিধি দলৰ কেন্দ্ৰীয় মন্ত্ৰী ড° জীতেন্দ্র সিঙক সাক্ষাৎ

ডাক বিভাগৰ সৰ্বভাৰতীয় কৰ্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলে আজি কৰ্মচাৰী, ৰাজহুৱা দাবী নিস্পত্তি আৰু পেঞ্চন মন্ত্ৰী ড° জীতেন্দ্র সিঙক নতুন দিল্লীত সাক্ষাৎ কৰি ডাক সেৱাৰ ৰূপান্তৰকৰণৰ লগতে বিভাগটোৰ কৰ্মচাৰী সংস্থা আৰু পেঞ্চনভোগীসকলৰ বিভিন্ন সমস্যা সম্পর্কে আলোচনা কৰে। প্ৰতিনিধি দলটোৱে ভাৰতীয় ডাক বিভাগক আধুনিক আৰু নাগৰিককেন্দ্ৰিক সেৱাৰ সুবিধাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনায়। দলটোৱে কয় যে এই পৰিৱৰ্তনসমূহৰ ফলত ভাৰতীয় ডাকৰ কাম প্ৰসাৰিত হোৱাৰ লগতে নাগৰিককেন্দ্ৰিক বিভিন্ন...

September 14, 2026 9:15 PM

views 18

যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন

ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্রশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলীকে ধৰি ভালেকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই সন্মিলনৰ কাৰ...