গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত কৰ্মৰত সাংবাদিক সকলৰ মাজত AI সন্দৰ্ভত বিশেষ কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত কৰ্মৰত সাংবাদিক সকলৰ মাজত AI সন্দৰ্ভত বিশেষ কৰ্মশালা আজি অনুষ্ঠিত হয়।
 
সাংবাদিকতাৰ ক্ষেত্রখনত AI ৰ ভূমিকা, ব্যৱহাৰ আৰু তথ্যৰ সত্যতা কেনেকৈ নিৰূপণ কৰা উচিত, সেই সম্পৰ্কে আলোচনা কৰা হয়।
কৰ্মশালাখনত সমল ব্যক্তি হিচাপে IIT গুৱাহাটীৰ অধ্যাপক ড০ দেবাংগ ৰাজ নেওঁগে অংশগ্ৰহণ কৰি এআইৰ কাৰিকৰী দিশৰ লগতে ভিন্ন সম্ভাৱনীয়তা আৰু ব্যৱহাৰৰ ক্ষেত্ৰত লবলগা সাৱধানতা বিষয়েও অৱগত কৰে।
May be an image of one or more people, dais and text
 
কৰ্মশালা অনুষ্ঠানত গুৱাহাটীৰ ভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমত বহু কেইগৰাকী কৰ্মৰত সাংবাদিকে অংশগ্ৰহণ কৰাৰ লগতে নিজৰ মতামত, কৰ্মক্ষেত্ৰত তেওঁলোকে এআইৰ ব্যৱহাৰৰ বিষয়ে অনুভৱ ব্যক্ত কৰে।
 
মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত, বিশিষ্ট অধ্যাপক ৰামমোহন পাঠক, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অংকুৰণ দত্তকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
May be an image of dais and text
 
Introduction to Digital Media শীৰ্ষক এখন গ্ৰন্থ কৰ্মশালা অনুষ্ঠানৰ মাজতে উন্মোচন কৰা হয়। লগতে আৰণ্যক আৰু যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।