প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ১৯ হাজাৰ কোটি টকাৰ ২৪ সংখ্যক কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ১৯ হাজাৰ কোটি টকাৰ ২৪ সংখ্যক কিস্তি মুকলি কৰে। গুজৰাটৰ বনাসকাঠাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰী মোদীয়ে কয়, যে কৃষকসকল দেশৰ অৰ্থনীতিৰ আটাইতকৈ শক্তিশালী স্তম্ভ আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ কল্যাণত সদায় গুৰুত্ব আৰোপ কৰি আহিছে।

২০১৩-১৪ৰ তুলনাত সম্প্ৰতি কৃষি খণ্ডৰ বাজেট ৫ গুণ অধিক হৈছে বুলি প্রধানমন্ত্ৰীয়ে মত প্রকাশ কৰে। পি এম কিষাণ সন্মান নিধি কোটি কোটি ক্ষুদ্র কৃষকৰ বাবে আশাৰ সম্বল হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী কয়, যে ১০ কোটি কৃষকৰ একাউণ্টত ১৮ হাজাৰ কোটি টকাতকৈ অধিক ধন জমা কৰা হৈছে। এই আঁচনিয়ে কৃষকসকলক আর্থিকভাৱে সকাহ দিয়াৰ লগতে স্বাৱলম্বিতা অৰ্জনৰ দিশলৈ লৈ গৈছে বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।

অসমৰো ১৮ লাখতকৈও অধিক কৃষকে এই কেন্দ্রীয় আঁচনিৰ আৰ্থিক সকাহ লাভ কৰিছে। মৰিগাঁও জিলা কৃষি বিভাগৰ অধীনৰ প্ৰায় ৬৮ হাজাৰ ৫১ গৰাকী কৃষকে পি এম কিষান সম্মান নিধিৰ অনুদান লাভ কৰিছে। একেদৰে কোকৰাঝাৰ জিলাৰ ৬৭ হাজাৰ ৯৯৩, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ২৪ হাজাৰ ৩১০ গৰাকী কৃষকে আর্থিক সাহায্য লাভ কৰিছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি কাৰ্যালয়ৰ যৌথ উদ্যোগত পি এম কিষাণ সম্মান নিধিৰ ২৪ সংখ্যক কিস্তি মুকলিৰ বিশেষ ৱেবকাষ্টিং কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত কৃষকসকলৰ মাজত মচুৰ মাহ আৰু মটৰ মাহৰ দৰে মাহজাতীয় শস্যৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় ৷