ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৮ বছৰ সম্পূৰ্ণ হৈছে। এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱাইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে।
এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে উগ্ৰপন্থীৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱাৰ উপৰি বহু লোকক চিৰদিনৰ বাবে ঘূণীয়া কৰা এই বিস্ফোৰণৰ ঘটনাৰ কথা উল্লেখ কৰি আহত প্ৰতিগৰাকী ব্যক্তি আৰু আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
গুৱাহাটী উকীল সন্থাই আজিৰ দিনটো ক’লা দিন হিচাপে পালন কৰে। কাছাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত আয়োজিত অনুষ্ঠানত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা সতীর্থ অধিবক্তাসকলৰ প্ৰতি উকীল সন্থাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত অধিবক্তাসকলৰ স্মৃতিত নিৰ্মাণ কৰা স্মৃতি সৌধত বন্তি প্রজ্বলন, পুষ্পাঞ্জলি অৰ্পণৰ লগতে নাম পৰিৱেশন কৰা হয়৷