October 30, 2025 8:53 PM

views 31

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ১৭ বছৰ সম্পূৰ্ণ

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৭ বছৰ সম্পূৰ্ণ হৈছে। এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত ৮০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ উপৰি ৪০০ৰো অধিক লোক আহত হৈছিল। সেই ভয়াৱহ দিনটোৰ স্মৃতি সুঁৱৰি আজি গণেশগুৰিৰ উৰণ সেতুৰ তলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বোমা বিস্ফোৰণত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ বিৰোধিতা কৰি আৰু বিস্ফোৰণত প্ৰাণ হেৰ...