October 3, 2026 6:18 PM

views 6

আকাশবাণীৰ ‘মন কি বাত’ অনুষ্ঠানৰ ১২ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া অনুষ্ঠান মন কি বাতে আজি ১২ বছৰ সম্পূৰ্ণ কৰিছে। ২০১৪ চনৰ আজিৰ দিনটোতে, বিজয়া দশমী উপলক্ষে মন কী বাতৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হৈছিল। শেহতীয়াভাৱে মন কী বাতৰ ১৩৮ সংখ্যক খণ্ড প্ৰচাৰ কৰা হৈছে। এই ১২ বছৰত মন কী বাতে দেশৰ বিকাশৰ যাত্ৰাত নাগৰিকসকলক সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশত চলি থকা ইতিবাচক পৰিৱৰ্তনক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত এখন অনন্য মঞ্চ প্ৰদান কৰি আহিছে। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা, স্বাস্থ্যসেৱা, পৰিবেশ সংৰক্ষণ,...

October 3, 2026 5:07 PM

views 11

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি

বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বর্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকর্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সহায় লৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটনৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰ...

October 3, 2026 9:13 PM

views 6

গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্রান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভূপালত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্রান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভূপালৰ ভেল দশেৰা খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ গোপালক সন্মিলনত ভাষণ দিয়ে। ৰাজ্যখনৰ ১১খন জিলাৰ ৩৫ হাজাৰ গোপালকে অংশগ্ৰহণ কৰা এই সন্মিলনত মন্ত্ৰীগৰাকীয়ে গোশালাসমূহৰ বাবে ১০১ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। শ্ৰীশ্বাহে লগতে ভার্চুৱেল ব্যৱস্থাৰে ২৫৫ কোটি টকা ব্যয় সাপেক্ষে উজ্জয়িনীত নিৰ্মাণ কৰিবলগীয়া এটা দুগ্ধ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। তেওঁ কয়, যে ভূপালত ১২ কোটি টকা ব্যয়ে...

October 3, 2026 5:00 PM

views 12

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণিৰ বাবে এদিন বাকী

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এদিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয়ে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জুৰিয়া আৰু লাহৰিঘাটত প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দলীয় প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাই আছে। জিলা প্রশাসনে নির্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে ভালেমান পদক্ষেপ লৈছে। সমষ্টিটোৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয...

October 3, 2026 4:42 PM

views 9

প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে বিভিন্ন প্ৰান্তত শিল্পীগৰাকীলৈ শ্রদ্ধা নিবেদন

গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক শ্রদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ধুবুৰী জিলা অসম সাহিত্য সভাইও দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মবার্ষিকীৰ আয়োজন কৰিছে। জিলাখনৰ বিলাসীপাৰা আৰু চাপৰতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱ...

October 1, 2026 4:20 PM

views 33

বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিছাত এটা ৫৯৫ কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্রকল্প উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিছাত এটা ৫৯৫ কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্রকল্প উদ্বোধন কৰে। ৩.১১ মেগাৱাটৰ গুডৰিক চাহ বাগিছা সৌৰ শক্তি কাৰ্যসূচীৰ অংশস্বৰূপ এই প্ৰকল্পই ৰাজ্যৰ চাহ উদ্যোগক নিকা আৰু নবীকৰণযোগ্য শক্তিৰে শক্তিশালী কৰাৰ লগতে সেউজ অসমৰ লক্ষ্যকো গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে অসমৰ চাহ বাগিছাসমূহক সৌৰ শক্তিৰে স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে কাম কৰি আছে, যাতে ভৱিষ্...

October 1, 2026 4:14 PM

views 15

কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। ২০২৬-২৭ পৰ্যটন বৰ্ষৰ শুভাৰম্ভক লৈ উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰহিলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্রাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে অহা শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী আৰম্ভ হ'ব। পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১০ বজালৈ আৰু দিনৰ ১.৩০ বজাৰ পৰা ৩ বজালৈ জীপ চাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছ...

October 1, 2026 3:48 PM

views 23

কাইলৈ গান্ধী জয়ন্তীঃ শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত ‘এদিন, এঘণ্টা, একে লগ’ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী

জাতিৰ পিতা মহাত্মা গান্ধীৰ কাইলৈ জয়ন্তী উপলক্ষে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত এদিন, এঘণ্টা, একে লগ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অধীনত পুৱা ৮ বজাত শিৱদৌলৰ পৰা মুক্তিনাথ চাৰিআলিলৈ পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি, ৱাৰ্ড সদস্য, ছাফাই কৰ্মী, আত্মসহায়ক গোট আৰু বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে। ঐতিহ্যপূৰ্ণ শিৱসাগৰ চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে পৰ্যটন আৰু জনস্বাস্থ্যৰ স্বাৰ্থত প্ৰতিগৰাকী নাগৰিকক নিয়মিতভাৱে স্বচ্ছতা বজাই ৰাখিবলৈ এই কাৰ্যসূচীৰ...

October 1, 2026 3:40 PM

views 13

আজি ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস

আজি ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস। ৰক্তদানৰ প্ৰতি ব্যাপক সজাগতা সৃষ্টিৰ লগতে ৰক্তদানৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সচেতন কৰিবলৈ ১ অক্টোবৰত এই দিৱস পালন কৰা হয়। ১৯৭৫ চনত INDIAN SOCIETY OF BLOOD TRANSFUSION AND IMMUNOHEMATOLOGY উদ্যোগত এই দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। জৰুৰী অৱস্থাত ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰাকৈ প্ৰতিগৰাকী সুস্থ ব্যক্তিয়ে যাতে নিৰ্ভয়ে ৰক্তদান কৰিব পাৰে তাৰবাবে অৱগত কৰিবলৈ এই দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। তদুপৰি ৰক্তৰ জটিল ৰোগত ভূগি থকা লোকসকলৰ বাবে ৰক্তদানৰ গুৰুত্ব ...

October 1, 2026 1:44 PM

views 21

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্যদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্যদান প্রক্রিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তন্ময় ফুকনে চতুৰ্থটো দিনৰ বাবে অভিযুক্ত পক্ষৰ জেৰাৰ বাবে আদালতত উপস্থিত হৈছে। কালি এই গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্ত আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে বাকীসকল অভিযুক্তৰ অধিবক্তাই ফুকনক জেৰা কৰিব নোৱাৰিলে। আজি শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই আৰম্ভণিতে তেওঁক জেৰা কৰিব। গুৱাহাটী ...