September 14, 2026 9:09 PM

views 12

লখিমপুৰৰ চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক প্রস্তুতি কৰ্মশালাত সাংসদ প্ৰদান বৰুৱাৰ অংশগ্ৰহণ

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক এখন প্রস্তুতি কৰ্মশালাত অংশগ্ৰহণ কৰে। জনসেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ২৫ বছৰীয়া যাত্ৰাক স্মৰণ আৰু উদযাপনৰ লক্ষ্যৰে ৰাজ্যজুৰি হ'বলগীয়া সেৱা সংকল্প অভিযানৰ ৰূপায়ণৰ বাবে আজি জোনাই বিধানসভা সমষ্টিৰ চিমেন চাপৰিৰ বিহুতলীত অনুষ্ঠিত কৰ্মশালাত সাংসদ বৰুৱাই অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ হ'বলগীয়া এমাহজোৰা কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ মাজত সেৱা, সুশাসন আ...

September 14, 2026 9:03 PM

views 22

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ-বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ-বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ পাই আহিছে। মাজুলীৰ মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈ লণ্ডনৰ লেইলা নামৰ এগৰাকী বিদেশী নৃত্য আৰু পৰিবেশ্য কলাৰ শিল্পী মাজুলীত আহি উপস্থিত হৈছে। শিল্পীগৰাকীয়ে বাঁহ, কুমাৰ মাটি আৰু অন্যান্য প্রাকৃতিক উপাদানেৰে মুখা প্ৰস্তুত কৰাৰ কাৰ্যৰ প্ৰশিক্ষণ লৈছে। ১০-দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত শিল্পীগৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰি জিলাখনৰ প্ৰাকৃতিক পৰিবেশত নৃত্য প্ৰদৰ্শন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া সংস্কৃতিৰ অংশ হিচাপে প্ৰৱৰ্...

September 14, 2026 9:02 PM

views 12

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্রবাসী অসমীয়া প্ৰতিম লহকৰৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূর্ণ হয়। আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই শ্ৰী লহকৰক জেৰা কৰে। ইয়াৰ লগতে প্রবাসী অসমীয়া গৰাকীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ সামৰণি পৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত ছিংগাপুৰৰ...

September 14, 2026 8:55 PM

views 10

গুৱাহাটীৰ পৰিবেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰণমেণ্টৰ উদ্যোগত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিবেশ সজাগতা কাৰ্যসূচী

গুৱাহাটীৰ পৰিবেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰণমেণ্টৰ উদ্যোগত আজি বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিবেশ সজাগতা সৃষ্টিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৱেষ্ট ৱাইজ, ফিউচাৰ ৱাইজ : বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু থার্মোকল ৰি-চাইক্লিং শীৰ্ষক এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলক আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত কিছু শিক্ষা প্ৰদান কৰা হয়। এই কাৰ্যসূচীত বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা, থার্মোকল আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিবেশৰ দায়বদ্ধতা -এই তিনিটা বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুঠ ৭৮জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা...

September 14, 2026 8:22 PM

views 6

সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানৰ

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানে সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনৰ হাতত থিৰুকুৰালৰ ৰুছ অনুবাদৰ প্ৰতিলিপি অৰ্পণ কৰাৰ বাবে তেওঁ শ্ৰীমোদীক ধন্যবাদ জ্ঞাপন কৰে। চেন্নাইস্থিত তেওঁৰ বাসগৃহত আজি গণেশ চতুর্থী উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰাৰ পাছত শ্ৰীমুৰুগানে সংবাদ মাধ্যমৰ আগত কয়, যে প্রধানমন্ত্রী শ্রীমোদীয়ে নতুন দিল্লীত সফলতাৰে ব্ৰিকছ শীৰ্ষ সন্মিলন অনুষ্ঠিত...

September 14, 2026 8:16 PM

views 19

BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী মোদীক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত অনুষ্ঠিত BRICS শীর্ষ সন্মিলন, ২০২৬-ৰ সফলতাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। তেওঁ কয়, যে এই শীর্ষ সন্মিলনৰ সফলতাই গোলকীয় পৰ্যায়ত গভীৰ প্ৰভাৱ পেলাব। শ্ৰী সিঙে উল্লেখ কৰে যে ঐতিহাসিক নতুন দিল্লী ঘোষণা পত্ৰ কেৱল নথি নহয়, বৰঞ্চ এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বৰ্ধিত গোলকীয় প্ৰভাৱৰ প্ৰমাণ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত BRICS-ৰ অধ্যক্ষ হিচাপে ভ...

September 14, 2026 8:09 PM

views 8

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ ৪ জন জ্যেষ্ঠ বিষয়াক নির্বাচনী পর্যবেক্ষক হিচাপে নিযুক্তি

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ ৪ জন জ্যেষ্ঠ বিষয়াক নির্বাচনী পর্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডত ৪টা পর্যবেক্ষক জ’নত বিভক্ত কৰা হৈছে। ইতিমধ্যে পর্যবেক্ষকসকলে শিলচৰত উপস্থিত হৈ দায়িত্ব গ্ৰহণ কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী, নির্বাচনী এজেণ্ট আৰু জনসাধাৰণে নির্বাচন সম্পৰ্কীয় যিকোনো বিষয়ৰ বাবে নিজ নিজ ৱাৰ্ডৰ ভাৰপ্ৰাপ্ত পর্যবেক্ষকৰ সৈতে যোগাযোগ কৰিব পাৰিব।

September 14, 2026 5:48 PM

views 46

কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে আজি কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাসায়নিক সাৰৰ ক'লা বজাৰ বন্ধ কৰা, কৃষকক উপযুক্ত মূল্যত সাৰ প্ৰদান কৰা, প্রকৃত কৃষকক পি এম কিষাণ কার্ড প্রদান কৰা আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত কৃষকসকলে এই প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

September 14, 2026 5:46 PM

views 6

পত্নী হত্যাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰামানুজ গোস্বামী নামৰ অপৰাধীজনৰ মৃত্যু

পত্নী হত্যাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰামানুজ গোস্বামী নামৰ অপৰাধীজনৰ আজি মৃত্যু হয়। পুৱতি নিশা কাহিলিপাৰাৰ পৰা নৰকাসুৰ পাহাৰহৈ গুৱাহাটী চিকিৎসালয় হাস্পাতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা অৱস্থাত অভিযুক্তজনে আকক্ষীৰ গাড়ীৰ পৰা জাপ মাৰি পলাবলৈ চেষ্টা কৰাৰ ফলত গুৰুতৰভাৱে আগত হৈ মৃত্যুক সাৱটি লয়। বর্তমান অভিযুক্তজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখা হৈছে।

September 14, 2026 5:40 PM

views 6

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক সোণালী ঘোষৰ সংবাদমেল

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এজনী পোহনীয়া হাতী বহিঃৰাজ্যলৈ সৰবৰাহ কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক সোণালী ঘোষে কালি এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত শ্রীমতী ঘোষে কয়, যে তিনিচুকীয়াৰ হাতীৰ মালিক এগৰাকীয়ে সীমিত সময়ৰ বাবে হাতীজনীক মানাহত ৰাখিছিল। পাছত তেওঁৰ অনুমতি অনুসৰি বন্য প্রাণী সুৰক্ষা আইনৰ অধীনত ৭ ছেপ্তেম্বৰত হাতীজনী কেৰেলমলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা এই হাতীজনীৰ লগতে আৰু তিনিটা হাতী প্ৰেৰণৰ কথা আছিল বুলি উল্লেখ কৰি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয়, যে হাতীৰ সৈতে...