September 14, 2026 5:05 PM

views 10

অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে গণেশ দেৱতাৰ পূজা-অৰ্চনা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। গণেশ চতুর্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজৰ আগমন হয় আৰু সকলোৱে সিদ্ধি দাতা গণেশ দেৱতাক পূজা-অৰ্চনা কৰে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্রতীক। বিনায়ক চতুর্থী বা গণেশ উৎসৱ হিচাপেও পৰি...

September 12, 2026 5:54 PM

views 9

ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ সংখ্যক তিৰোভাব তিথি পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ৬ ছেপ্তেম্বৰৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হয়। তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে। এই উপলক্...

September 12, 2026 5:46 PM

views 13

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হয়। ডিব্ৰুগড় পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পশু কল্যাণমূলক বেচৰকাৰী সংস্থাৰ স্বেচ্ছাসেৱকসকলে এই অভিযান সম্পন্ন কৰে। উল্লেখযোগ্য যে পূৰ্বেও ৭০ টাৰো অধিক কুকুৰক টিকাকৰণ কৰাৰ পাছত আজি অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ২০ টাতকৈ অধিক কুকুৰক এই টিকা দিয়া হয়। পশু কল্যাণ আৰু জনসুৰক্ষাৰ বাবে চিকিৎসালয় চৌহদত চলোৱা এই জলাতংক প্ৰতিৰোধী টিকাকৰণ অভিযানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

September 12, 2026 5:38 PM

views 18

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা বিজেপিৰ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনাইছে। শ্ৰী শর্মাই কেইদিনমান পূর্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। এই উপ-নির্বাচনৰ বাবে এ আই ইউ ডি এফে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছেও দুই-এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া নগাঁও লোকস...

September 12, 2026 4:45 PM

views 9

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক ৰাষ্ট্ৰপতি মুৰ্মুৰ সাক্ষাৎ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক সাক্ষাৎ কৰে। ব্ৰীকচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে সম্প্ৰতি নতুন দিল্লীত থকা ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাক্ৰমক লৈ মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত আলোচনা আৰু কূটনীতিৰ মাজেৰে সকলো বিষয় নিস্পত্তি কৰা উচিত বুলি ভাৰতে অবিৰতভাৱে গ্ৰহণ কৰি অহা স্থিতিৰ বিষয়ে দোহাৰে। তেওঁ লগতে অ...

September 12, 2026 4:32 PM

views 13

নতুন দিল্লীত আজিৰে পৰা অষ্টাদশ ব্ৰীকচ সন্মিলন অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰীকছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্রাজিল, চীন, ইথিওপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, চৌদি আৰৱ, দক্ষিণ আফ্রিকা আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইকে ধৰি ১১খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত ব্ৰিছৰ সদস্যৰাষ্ট্ৰসমূহৰ নেতাসকলে সু-শাসন, বাণিজ্য আৰু বিনিয়োগ, প্রযুক্...

September 12, 2026 4:27 PM

views 9

আজি নিশা ৮ বাজি ২ মিনিটত ‘জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা’ বিষয়ক আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘জুবিন গাৰ্গৰ গানৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা’ বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্র কাজল শ‍ইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্রাফ্‌টৰ প্ৰতিষ্ঠাপক ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিণ্টী ৰাণী ডেকাই।

September 12, 2026 4:23 PM

views 7

চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত

চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত আজি দেশজুৰি অনুষ্ঠিত হৈছে। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউন্স, বৈবাহিক-পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় ২ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

September 12, 2026 4:15 PM

views 16

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ'ব। উপ-নিৰ্বাচনৰ বাবে ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন ইতিমধ্যে সম্পন্ন হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে কালি সমষ্টি ভিত্তিকভাৱে ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে ই ভি এম আৰু ভি ভি পেটসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে আৱণ্টন কৰা হয়...

September 12, 2026 3:49 PM

views 59

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব। এই উপলক্ষে বৃন্দাবন হাটীৰ হাটীয়াৰ ঘৰৰ পৰা ওজাপালি, গায়ন-বায়ন, নাম-কীর্তনীয়া দলে সত্ৰীয়া...