October 1, 2026 1:50 PM

views 29

অসম আৰক্ষী দিৱস উপলক্ষে ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী বীৰৰ অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ

আজি অসম আৰক্ষী দিৱস। আজিৰ দিনটোত অসম আৰক্ষীয়ে ৰাষ্ট্ৰৰ বাবে সর্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী বীৰৰ অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। জনসেৱাৰ মূল মন্ত্ৰৰে উদ্বুব্ধ হৈ অসম আৰক্ষীয়ে বিগত সময়ছোৱাত বিগত সময়ছোৱাত নিৰন্তৰ সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ প্ৰথম কামাণ্ড' বেটেলিয়নৰ চৌহদত আয়োজিত দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গোৱালপাৰা জিলাত অসম আৰক্ষী দিৱসৰ সৈতে সংগতি ৰাখি যোৱা ২৭ ছেপ্তেম্বৰৰ পৰাই বিভিন্ন কাৰ্যসূচী ৰূপায়...

September 29, 2026 5:18 PM

views 23

ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ আজি স্মৃতি দিৱস

ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ আজি স্মৃতি দিৱস। অসম বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি দেৱেন্দ্ৰ নাথ আচাৰ্যই কেইবাখনো উপন্যাস ৰচনা কৰিছিল। তেওঁৰ অন্য যুগ, অন্য পুৰুষ, কালপুৰুষ, জংগম আদি উল্লেখযোগ্য উপন্যাস। ১৯৭৯ চনত কালপুৰুষ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা আৰু ১৯৮৪ চনত জংগম উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ ১৯৮১ চনৰ আজিৰ দিনটোতেই মাথো ৪৪ বছৰ বয়সত মৃত্যু হয়। কৃষিমন্ত্রী পীযুষ হাজৰিকাই সাহিত্যিকগৰাকীৰ স্মৃতি দিৱসত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে...

September 29, 2026 4:53 PM

views 8

কেন্দ্ৰীয় চৰকাৰে ২০৪৭ বৰ্ষৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ হকে কাম কৰি আছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ প্ৰতি অবিৰত দায়বদ্ধতাৰে জনগণৰ সেৱাত ২৫ বছৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২০৪৭ বৰ্ষৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ হকে কাম কৰি আছে। জনসেৱাৰ পৰা দেশসেৱা এই মন্ত্ৰৰে আগবঢ়া যাত্ৰাপথত প্ৰধানমন্ত্রী মোদীয়ে প্ৰদৰ্শন কৰা সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীক আধাৰ হিচাপে লৈ চৰকাৰে এই অভিযান গ্ৰহণ কৰিছে। সামগ্রিক উন্নয়ন আৰু সামাজিক সৱলীকৰণৰ জৰিয়তে চৰকাৰৰ এনে প্ৰয়াসে জনসাধাৰণৰ জীৱনলৈ অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত আজিৰ প্ৰতিবেদন...

September 29, 2026 4:43 PM

views 13

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চা

শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ চৰ্চালৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানৰ ১৩৮ সংখ্যক খণ্ডত এই বনাঞ্চল আৰু ইয়ালৈ হাতীৰ পুনৰাগমনৰ বিষয়ে উল্লেখ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰে। উল্লেখযোগ্য যে বনাঞ্চলখনত মানুহৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ ফলস্বৰূপে ইয়াৰ পৰা হাতীবোৰ ক্ৰমান্বয়ে আঁতৰি গৈছিল বুলি উল্লেখ কৰি ৩ বছৰ পূৰ্বে বনভূমিখন দখলমুক্ত কৰাৰ পাছত হাতীৰ জাকবোৰ উভতি আহিছে বুলি প্ৰধানমন্ত্রীয়ে শেহ...

September 29, 2026 4:10 PM

views 14

ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’বলগীয়া গহপুৰ-নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বঃ নীতিন গাডকাৰী

ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া গহপুৰ-নুমলীগড় সংযোগী সুৰংগৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে গহপুৰ-নুমলীগড় সংযোগী ১২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগ পথটো দেশৰ ভিতৰত প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো পথ আৰু ৰে'ল পথ থকা পানীৰ তলৰ সুৰংগ হ'ব। এই প্ৰকল্পৰ বাবে ২২ হাজাৰ কোটি টকা ব্যয় কৰা হ'ব বুলিও গাডকাৰীয়ে কয়। সম্প্রতি অসমত প্রায় দুই লাখ কো...

September 29, 2026 4:02 PM

views 12

আজি বিশ্ব হৃদৰোগ দিৱস

আজি বিশ্ব হৃদৰোগ দিৱস। হৃদ ৰোগ আৰু ষ্ট্ৰকৰ দৰে মাৰাত্মক সমস্যাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব হৃদয় দিৱস পালন কৰি অহা হৈছে। এই ৰোগৰ লক্ষ্যণৰ বিষয়ে অৱগত কৰোৱা, স্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়মীয়া ব্যায়াম আৰু ধূমপান বৰ্জনৰ দ্বাৰা হৃদযন্ত্র সুস্থ ৰখাৰ বাবে উৎসাহিত কৰা তথা যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেকৰ ঘটনা ৰোধ কৰিবলৈ আগতীয়াকৈ যত্ন লোৱা আদি বিষয়ত এই দিনটোত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে- Use Heart for Action অর্থা...

September 26, 2026 9:29 PM

views 26

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত এটা ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্রকল্পই প্রতিদিনে ১৫০ টন ই-মিথানল উৎপাদন কৰিব। আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকে। ২ হেজাৰ ৩শ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত এহেজাৰ ২০০ কোটি টকাৰো অধিক মূলধন বিনিয়োগ কৰা হ’ব৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন...

September 26, 2026 9:26 PM

views 22

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিৰ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিয়ে ৰাজ্যখনৰ সীমা সুৰক্ষা, আন্তঃৰাজ্যিক পাৰপত্ৰ অর্থাৎ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা বিবাহ আৰু সম্পত্তি উত্তৰাধিকাৰ সম্পৰ্কীয় নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী জনাইছে। আইজলত আজি অনুষ্ঠিত সাধাৰণ সভাত সংগঠনটোৱে ৰাজ্যখনৰ চৰকাৰক মিজোৰামৰ প্ৰকৃত সীমাসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাই প্ৰস্তাৱ উত্থাপিত কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক লালমিচাংগা চাংটেই সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই সভাই ২০২৬ চনৰ মিজো বিবাহ আৰু সম্পত্তিৰ...

September 26, 2026 5:45 PM

views 27

বৰাক উপত্যকাৰ বানপানী, নদীখহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে শিলচৰত উপস্থিত জার্মানী বিশেজ্ঞৰ দল

বৰাক উপত্যকাৰ বানপানী, নদীখহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে জার্মান আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা প্রতিষ্ঠান জি এফ এ কনসালটিং গ্ৰুপৰ এটা বিশেজ্ঞৰ দল শিলচৰত উপস্থিত হৈছে। জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশবিদ তথা অভিযন্তা জন ছাছৰ নেতৃত্বত আজি দলটোৱে শিলচৰৰ তাৰাপুৰ শিৱবাৰী পথৰ গাতে লাগি থকা খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে স্থানীয় প্রশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ সৈতে কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে স্থানীয় বা...

September 26, 2026 5:27 PM

views 23

ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্রতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাৰ নিৰ্দেশ

ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্রতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নির্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা : জ্ঞান অর্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা ২৮ টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। ...