ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ আজি স্মৃতি দিৱস। অসম বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি দেৱেন্দ্ৰ নাথ আচাৰ্যই কেইবাখনো উপন্যাস ৰচনা কৰিছিল। তেওঁৰ অন্য যুগ, অন্য পুৰুষ, কালপুৰুষ, জংগম আদি উল্লেখযোগ্য উপন্যাস।
১৯৭৯ চনত কালপুৰুষ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা আৰু ১৯৮৪ চনত জংগম উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকীৰ ১৯৮১ চনৰ আজিৰ দিনটোতেই মাথো ৪৪ বছৰ বয়সত মৃত্যু হয়।
কৃষিমন্ত্রী পীযুষ হাজৰিকাই সাহিত্যিকগৰাকীৰ স্মৃতি দিৱসত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাত উল্লেখ কৰে যে দেৱেন্দ্ৰনাথ আচাৰ্যৰ সৃষ্টিৰাজিয়ে আমাৰ নৱপ্ৰজন্মক অনুপ্রাণিত কৰাৰ লগতে আদৰ্শৰ উৎস হৈ ৰ’ব।
প্রথিতযশা সাহিত্যিকগৰাকীৰ মৃত্যু দিৱসত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও শ্রদ্ধা জ্ঞাপন কৰিছে। তেওঁ কয়, যে অন্যান্য সাহিত্যৰ লগতে শিশু সাহিত্য আৰু হাস্যবংগ ৰচনাৰ জৰিয়তে সাহিত্য ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা দেৱেন্দ্ৰনাথ আচাৰ্যৰ সৃষ্টিৰাজি জাতীয় সাহিত্যৰ অমূল্য সম্পদৰূপে স্মৰণীয় হৈ থাকিব।