আজি বিশ্ব হৃদৰোগ দিৱস। হৃদ ৰোগ আৰু ষ্ট্ৰকৰ দৰে মাৰাত্মক সমস্যাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব হৃদয় দিৱস পালন কৰি অহা হৈছে।
এই ৰোগৰ লক্ষ্যণৰ বিষয়ে অৱগত কৰোৱা, স্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়মীয়া ব্যায়াম আৰু ধূমপান বৰ্জনৰ দ্বাৰা হৃদযন্ত্র সুস্থ ৰখাৰ বাবে উৎসাহিত কৰা তথা যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেকৰ ঘটনা ৰোধ কৰিবলৈ আগতীয়াকৈ যত্ন লোৱা আদি বিষয়ত এই দিনটোত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।
এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে- Use Heart for Action অর্থাৎ কাৰ্যৰ বাবে হৃদয় ব্যৱহাৰ কৰক। ইয়াৰ জৰিয়তে কেৱল সজাগতা নহয়, কার্যপন্থা গ্রহণতো গুৰুত্ব দিয়া হৈছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালতো কেতবোৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
এই অনুসৰি পুৱাই হাস্পতালখনৰ চিকিৎসক, কৰ্মচাৰী, পেৰা মেডিকেলৰ ছাত্ৰ-ছাত্ৰীসকলে এটা সজাগতামূলক পদযাত্রা উলিয়ায়। এই যাত্ৰাত সকলোৱে বেনাৰ-পোষ্টাৰ লৈ হৃদৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত স্বাস্থ্য সন্মত জীৱন শৈলী গ্রহণ, সুষম খাদ্যাভ্যাস আৰু নিয়মীয়া শাৰীৰিক ব্যায়ম প্রয়োজনীয়তাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে।