November 14, 2026 12:54 PM | CM in Biswanath

printer

বিশ্বনাথৰ জিলা ক্রীড়া প্ৰকল্পৰ এথলেটিক ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বিশ্বনাথৰ জিলা ক্রীড়া প্ৰকল্পৰ এথলেটিক ষ্টেডিয়াম পৰিদৰ্শন কৰে। তেওঁ খেলুৱৈসকলৰ বাবে ষ্টেডিয়ামখনত থকা সা-সুবিধাৰ বুজ লয়। ড° শৰ্মাই ষ্টেডিয়ামৰ চাৰিওফালে গেলেৰী নিৰ্মাণৰ লগতে খেলুৱৈসকলৰ থকাৰ সুবিধার্থে হোস্টেল নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে কালি উদ্বোধন কৰা এই ক্রীড়া প্রকল্পত ৪০০ মিটাৰ দৈৰ্ঘ্যৰ এথলেটিক্‌চ ট্রেক, উন্নতমানৰ ফুটবল খেলপথাৰ, ৫০ মিটাৰ দৈৰ্ঘ্যৰ ছুইমিং পুল আৰু ইন্ড’ৰ খেলৰ সুবিধাযুক্ত এটা বহুমুখী ক্রীড়া ভবন আছে।