November 13, 2026 12:18 PM
4
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া ভ্রমণসূচীৰে বিশ্বনাথ জিলালৈ ৰাওনা
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া ভ্রমণসূচীৰে আজি বিশ্বনাথ জিলালৈ ৰাওনা হৈছে। ড০ শৰ্মাই দিনৰ ভাগত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব আৰু দুপৰীয়াৰ ভাগত বৰঙাবাৰীস্থিত শ্রীশ্রী মা কল্যাণী দেৱালয় দৰ্শন কৰিব। ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে বিশ্বনাথ অত্যাধুনিক স্টেডিয়ামৰ শুভ উদ্বোধন কৰিব। মুঠ ৪৭ কোটি টকা ব্যয়েৰে এই স্টেডিয়ামখন নির্মাণ কৰি উলিওৱা হৈছে। তেওঁ লগতে বিশ্বনাথৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ো মুকলি কৰিব। ৫২ কোটি টকা প্রকল্প ব্যয়েৰে নিৰ্মাণ কৰ...