September 26, 2026 5:23 PM

views 29

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্রার্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপি...

September 24, 2026 4:05 PM

views 33

শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাবলৈ শিলচৰত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া

শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া আজি শিলচৰত উপস্থিত হৈছে। আজিৰে পৰা অহা ২৬ ছেপ্তেম্বৰলৈ সভাপতি শ্ৰীশ‍ইকীয়াই বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সাংগঠনিক সভাত অংশগ্রহণ কৰিব। শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে ৪২টা ৱাৰ্ডক কেন্দ্ৰ কৰি সাংগঠনিক আৰু প্ৰচাৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৱে ৩৮টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি দুটা ৱাৰ্ডত বিনা প্রতিদ্বন্দ্বিতাত জয়লাভ কৰিছে। দলীয় সূত্ৰই জনোৱা মতে এই ম...

September 24, 2026 4:00 PM

views 30

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজিতো ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত হৈ আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মবার্ষিকী আৰু মোদীৰ সুশাসনৰ ২৫ বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি সেৱা সংকল্প অভিযান উপলক্ষে স্বচ্ছতা কার্যসূচী ব্যাপক কৰি তোলাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন বিভাগে ভালেসংখ্যক কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলাখনৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি পৌৰ সভা, শিক্ষা, স্বাস্থ্য আদি সকলো বিভাগেই এই ক...

September 24, 2026 3:44 PM

views 10

দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছেঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে। বিশ্ব সামুদ্রিক দিৱস উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয়, যে দেশৰ বিকাশ অধিক ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, নীতিৰ সংস্কাৰ আৰু নাৱিক তথা সাগৰেদি অহা-যোৱা কৰা লোকসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। সামুদ্রিক উদ্যোগৰ লগত জড়িত লোকসকলৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্...

September 24, 2026 1:29 PM

views 12

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি দ্বিতীয় দিনা প্রবাসী অসমীয়া তথা ছিংগাপুৰৰ অসম এছ'চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত হৈছে। আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত আন ব্যক্তিসকলৰ অধিবক্তাসকলে শ্রীতালুকদাৰক জেৰা কৰিব। উল্লেখযোগ্য যে শ্ৰীতালুকদাৰক কালি অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত জেৰা কৰে। ইয়াৰ পূৰ্বে এই গোচৰ সংক্ৰান্তত প্রবাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতি...

September 24, 2026 12:48 PM

views 13

উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ জনগোষ্ঠীয় ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা

মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশমৰ্মে আনন্দৰাম বৰুৱা ভাষা কলা সাংস্কৃতিক সংস্থাৰ উদ্যোগত অসমৰ জনগোষ্ঠীয় ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা কালিৰে পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অনুষ্ঠিত হৈছে। কাৰ্বি, দেউৰী, বড়ো, মিছিং, তিৱা আৰু ৰাভা ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদ কৰা হ'ব। এই কর্মশালাত আটাইকেইটা জনগোষ্ঠীৰ সমল ব্যক্তিসকলে অংশগ্রহণ কৰিছে। কৰ্মশালাৰ উপদেষ্টা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ এম কামালুদ্দিন, ড০ বিভা ভৰালীয়ে অংশ...

September 24, 2026 12:24 PM

views 20

উত্তৰ গুৱাহাটী পৌৰসভাৰ অধীনত আৱৰ্জনা সংগ্ৰহৰ বাবে ৭ খন বাহন মুকলি

উত্তৰ গুৱাহাটীক স্বচ্ছ আৰু সেউজীকৰণ কৰাৰ উদ্দেশ্যে আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অধীনত আৱৰ্জনা সংগ্ৰহৰ বাবে ৭ খন বাহন মুকলি কৰা হয়। ভিজা, শুকান, অনাময় আৰু ঘৰুৱা আৱৰ্জনা চাৰিটা ভাগত পৃথক কৰি এই জাৱৰসমূহ সংগ্ৰহ কৰাৰ পৰিকল্পনা লোৱা হৈছে। উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ-পৌৰপতি অনিল দাস আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়া তৃষ্ণা মিলিয়ে এই বাহনকেইখন মুকলি কৰে।

September 24, 2026 12:37 PM

views 27

২০৩১ চনৰ ভিতৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩০লৈ বৃদ্ধি পাবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ন্যাস হাস্পতালৰ শুভ উদ্বোধন কৰে। ৭৫০ খন বিছনাযুক্ত এই অত্যাধুনিক হাস্পতালে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। বাবা বৈদ্যনাথলৈ শ্রদ্ধা নিবেদন কৰি আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ন্যাস আৰু পি ডি হিন্দুজা হাস্পতাল এণ্ড মেডিকেল ৰিছাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত হাস্পতালখন আৰম্ভ কৰা হৈছে। ইয়াত পৰৱৰ্তী সময়ত মেডিকেল কলেজো নিৰ্মাণ কৰা হ'ব বুলিও তেও...

September 24, 2026 1:11 PM

views 11

ৰাজ্যত ঠাই বিশেষ বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পশ্চিম-মধ্য আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ-পশ্চিম বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱত অসমৰ অধিকাংশ ঠাইত মজলীয়া বৰষুণৰ লগতে ঠাই বিশেষ বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি সকীয়াই দিছে। বিভাগে পূব কাৰ্বি আংলং আৰু ডিমা হাচাওৰ কোনো কোনো ঠাইত প্ৰৱল বৰষুণ হ'ব পাৰে বুলিও বিভাগে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপম...

September 22, 2026 8:23 PM

views 17

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ লয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ অসমত থকাৰ বিষয়ে উল্লেখ কৰে। কাজিৰঙাত চোৰাং গঁড় হত্যাৰ ঘটনা শূন্যলৈ হ্ৰাস কৰাৰ বিষয়টোক তেওঁ প্ৰশংসা কৰে। বিহাৰ আৰু পশ্চিম বংগতো গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ দুধৱাত গঁড়ৰ সফল পুনর্বাসনৰ জৰিয়তে ইতিহাস সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে।