September 22, 2026 8:11 PM

views 20

বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্তুষ্টি প্ৰকাশ

বিশ্ব গঁড় দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি সন্তুষ্টি ব্যক্ত কৰে। গঁড়ৰ সুৰক্ষাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেঁও কয় যে ৰাজ্যত গঁড় হত্যাৰ সংখ্যা শূন্য লৈ অৱনমিত কৰাৰ লগতে গঁড়ৰ আৱাসভূমি বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কাজিৰঙাৰ সংৰক্ষণৰ নীতিয়ে সমগ্ৰ বিশ্বৰ বাবে আদর্শ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰিবেশতন্ত্র অধিক বিকশিত কৰাৰ বাবে চৰকাৰ সাজু হৈ উঠিছে। বিশেষকৈ বাৰিষা বানৰ পৰা সুৰক্ষা দিয...

September 22, 2026 8:18 PM

views 10

কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্রকল্প আৰু আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা-আকাংক্ষা অনুসৰি প্ৰকল্পসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে কাৰ্বি আংলঙৰ অপাৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বায়ত্ব শাসিত পৰিষদে সমন্বিতভাৱে কাম কৰি আহিছে...

September 22, 2026 7:28 PM

views 16

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদানঃ যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বিয়লি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুল-য়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুইফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ-প্রযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ৷ অনুষ্ঠানত কিংবদন্তী অভিনেতা অনন্ত নাগক ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ২০২৪ বৰ্ষৰ সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প...

September 22, 2026 6:38 PM

views 15

মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী অজন্তা নেওগৰ তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক

হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মন্ত্রীদ্বয়ে নিৰ্ধাৰিত সময়সীমা অনুসৰি সকলো অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য গুণগত মান অক্ষুণ্ণ ৰাখি অক্টোৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু সংশ্লিষ্ট সংস্থাসমূহক নির্দেশ দিয়ে। তেওঁলোকে লগতে জিলাখনৰ মহিলা আৰু শিশুৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে ৰূপায়ণ...

September 22, 2026 6:30 PM

views 21

চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান

চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসমৰ দুগৰাকী বিশিষ্ট লোকশিল্পী পখিলা লেকথেপি আৰু তৰাৱতী মিলিক এই বঁটা প্ৰদান কৰে। নগাঁও চহৰস্থিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, যে আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ জাতীয় জীৱনলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ নামেৰে বঁটা প্ৰৱৰ্তন কৰাৰ বাবে মহাবিদ্যাল...

September 22, 2026 4:40 PM

views 24

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দিপ পাত্ৰ, ৰাজীৱ বাববৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু...

September 22, 2026 4:25 PM

views 22

ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ

ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তর্জাতিক ক্রিকেটত ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ হৈছে। জাপানত চলি থকা এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ নিচিনৰ কৰগি ক্রীড়া উদ্যানত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ এই অভিলেখ গঢ়ে। ফাইনেলত শ্ৰীমতী মান্ধানাই ৩ টা ৬ আৰু ৩ টা ৪ ৰ সহায়ত প্ৰথম ৪ টা অভাৰত ভাৰতক সুন্দৰ অগ্ৰগতি দিয়ে। স্মৃতি মান্ধানাই ভাৰতৰ মহিলা ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ ১০ হাজাৰ ৮৬৮ ৰানৰ অভিলেখ ভংগ কৰে।

September 22, 2026 4:19 PM

views 40

আজি বিশ্ব গঁড় দিৱস

আজি বিশ্ব গঁড় দিৱস। বিশ্বত সম্প্ৰতি গঁড়ৰ পাঁচটা প্রজাতি পোৱা যায়। এই পাঁচ প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গঁড় দিৱস পালন কৰা হৈ আহিছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে – ‘পাঁচ প্রজাতিক জীয়াই ৰখা’। ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গঁড়ৰ খড়গৰ অবৈধ বেহা প্রতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্রায় ৫ লাখ গঁড় আছিল যদিও সম্প্রতি এই সংখ্যা প্ৰায় ২৭ হাজাৰলৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা ...

September 22, 2026 4:12 PM

views 24

পৰম্পৰাগত ৰীতি-নীতিৰে আজি কৰম পূজা উদযাপন

চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পূজা উদযাপন কৰিছে। চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই উৎসৱ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ভাতৃত্ববোধৰ প্ৰেৰণাৰে সংপৃক্ত হৈ আছে। এই উৎসৱক চহকী জনজাতীয় সংস্কৃতি আৰু জীৱনৰ প্ৰমূল্যৰ উৎকৃষ্ট নিদর্শন বুলি শ্রীমতী মুৰ্মুৱে বৰ্ণনা কৰে। তেওঁ কয়, যে এই উৎসৱে সকলোকে প্রকৃতিক সুৰক্ষা দিবলৈ আৰু সমন্বয়েৰে কাম কৰি...

September 22, 2026 3:59 PM

views 8

মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনীৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনী, এ এন টি এফৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। এই দুদিনীয়া সমাৰোহত ড্ৰাগছৰ কবলৰ পৰা ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী মঞ্চ তৈয়াৰত গুৰুত্ব দিয়া হ'ব। মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰোই আয়োজন কৰা এই সমাৰোহত এ এন টি এফৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকল উপস্থিত আছে। সংহত সমাধান, দায়িত্ববোধৰ ভাগ বাটোৱাৰাক মূল বিষয় হিচাপে লৈ আয়োজিত...