September 22, 2026 6:23 PM

views 17

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ’লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিবঃ মুখ্যমন্ত্ৰী

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ'লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান- ইছৰ'ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয়। তেওঁ ৰাজ্যৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ আহ্বান জনায়। ইছৰ’ৰ অধ্যক্ষ ড° ভি নাৰায়ণনৰ উপস্থিতিত গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সোণাপুৰৰ ছায়েন্স চিটী আৰু মহা...

September 19, 2026 9:29 PM

views 21

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰা বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটার্ণিং বিষয়া তথা নগাঁৱৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছ...

September 19, 2026 9:20 PM

views 22

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন...

September 14, 2026 9:26 PM

views 8

ডাক বিভাগৰ সৰ্বভাৰতীয় কৰ্মচাৰী সংস্থাৰ প্রতিনিধি দলৰ কেন্দ্ৰীয় মন্ত্ৰী ড° জীতেন্দ্র সিঙক সাক্ষাৎ

ডাক বিভাগৰ সৰ্বভাৰতীয় কৰ্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলে আজি কৰ্মচাৰী, ৰাজহুৱা দাবী নিস্পত্তি আৰু পেঞ্চন মন্ত্ৰী ড° জীতেন্দ্র সিঙক নতুন দিল্লীত সাক্ষাৎ কৰি ডাক সেৱাৰ ৰূপান্তৰকৰণৰ লগতে বিভাগটোৰ কৰ্মচাৰী সংস্থা আৰু পেঞ্চনভোগীসকলৰ বিভিন্ন সমস্যা সম্পর্কে আলোচনা কৰে। প্ৰতিনিধি দলটোৱে ভাৰতীয় ডাক বিভাগক আধুনিক আৰু নাগৰিককেন্দ্ৰিক সেৱাৰ সুবিধাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনায়। দলটোৱে কয় যে এই পৰিৱৰ্তনসমূহৰ ফলত ভাৰতীয় ডাকৰ কাম প্ৰসাৰিত হোৱাৰ লগতে নাগৰিককেন্দ্ৰিক বিভিন্ন...

September 14, 2026 9:15 PM

views 21

যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন

ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্রশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলীকে ধৰি ভালেকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই সন্মিলনৰ কাৰ...

September 14, 2026 9:09 PM

views 18

লখিমপুৰৰ চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক প্রস্তুতি কৰ্মশালাত সাংসদ প্ৰদান বৰুৱাৰ অংশগ্ৰহণ

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক এখন প্রস্তুতি কৰ্মশালাত অংশগ্ৰহণ কৰে। জনসেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ২৫ বছৰীয়া যাত্ৰাক স্মৰণ আৰু উদযাপনৰ লক্ষ্যৰে ৰাজ্যজুৰি হ'বলগীয়া সেৱা সংকল্প অভিযানৰ ৰূপায়ণৰ বাবে আজি জোনাই বিধানসভা সমষ্টিৰ চিমেন চাপৰিৰ বিহুতলীত অনুষ্ঠিত কৰ্মশালাত সাংসদ বৰুৱাই অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ হ'বলগীয়া এমাহজোৰা কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ মাজত সেৱা, সুশাসন আ...

September 14, 2026 9:03 PM

views 33

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ-বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ-বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ পাই আহিছে। মাজুলীৰ মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈ লণ্ডনৰ লেইলা নামৰ এগৰাকী বিদেশী নৃত্য আৰু পৰিবেশ্য কলাৰ শিল্পী মাজুলীত আহি উপস্থিত হৈছে। শিল্পীগৰাকীয়ে বাঁহ, কুমাৰ মাটি আৰু অন্যান্য প্রাকৃতিক উপাদানেৰে মুখা প্ৰস্তুত কৰাৰ কাৰ্যৰ প্ৰশিক্ষণ লৈছে। ১০-দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত শিল্পীগৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰি জিলাখনৰ প্ৰাকৃতিক পৰিবেশত নৃত্য প্ৰদৰ্শন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া সংস্কৃতিৰ অংশ হিচাপে প্ৰৱৰ্...

September 14, 2026 9:02 PM

views 18

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্রবাসী অসমীয়া প্ৰতিম লহকৰৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূর্ণ হয়। আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই শ্ৰী লহকৰক জেৰা কৰে। ইয়াৰ লগতে প্রবাসী অসমীয়া গৰাকীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ সামৰণি পৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত ছিংগাপুৰৰ...

September 14, 2026 8:55 PM

views 19

গুৱাহাটীৰ পৰিবেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰণমেণ্টৰ উদ্যোগত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিবেশ সজাগতা কাৰ্যসূচী

গুৱাহাটীৰ পৰিবেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰণমেণ্টৰ উদ্যোগত আজি বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিবেশ সজাগতা সৃষ্টিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৱেষ্ট ৱাইজ, ফিউচাৰ ৱাইজ : বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু থার্মোকল ৰি-চাইক্লিং শীৰ্ষক এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলক আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত কিছু শিক্ষা প্ৰদান কৰা হয়। এই কাৰ্যসূচীত বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা, থার্মোকল আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিবেশৰ দায়বদ্ধতা -এই তিনিটা বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুঠ ৭৮জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা...

September 14, 2026 8:22 PM

views 11

সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানৰ

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানে সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনৰ হাতত থিৰুকুৰালৰ ৰুছ অনুবাদৰ প্ৰতিলিপি অৰ্পণ কৰাৰ বাবে তেওঁ শ্ৰীমোদীক ধন্যবাদ জ্ঞাপন কৰে। চেন্নাইস্থিত তেওঁৰ বাসগৃহত আজি গণেশ চতুর্থী উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰাৰ পাছত শ্ৰীমুৰুগানে সংবাদ মাধ্যমৰ আগত কয়, যে প্রধানমন্ত্রী শ্রীমোদীয়ে নতুন দিল্লীত সফলতাৰে ব্ৰিকছ শীৰ্ষ সন্মিলন অনুষ্ঠিত...