সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানৰ

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড০ এল মৰুগানে সম্ভাব্য সকলো স্থলতে পৱিত্ৰ থিৰুকুৰালৰ প্ৰচাৰ কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়।

ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনৰ হাতত থিৰুকুৰালৰ ৰুছ অনুবাদৰ প্ৰতিলিপি অৰ্পণ কৰাৰ বাবে তেওঁ শ্ৰীমোদীক ধন্যবাদ জ্ঞাপন কৰে।

চেন্নাইস্থিত তেওঁৰ বাসগৃহত আজি গণেশ চতুর্থী উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰাৰ পাছত শ্ৰীমুৰুগানে সংবাদ মাধ্যমৰ আগত কয়, যে প্রধানমন্ত্রী শ্রীমোদীয়ে নতুন দিল্লীত সফলতাৰে ব্ৰিকছ শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

তামিলনাডুৰ মাদুৰন্তকম আৰু ধাৰাপুৰম বিধানসভা সমষ্টিৰ উপ-নির্বাচন সন্দৰ্ভত শ্ৰীমুৰুগানে কয়, যে বিজেপিয়ে এ আই এ ডি এম কেক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে।