গুৱাহাটীৰ পৰিবেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰণমেণ্টৰ উদ্যোগত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিবেশ সজাগতা কাৰ্যসূচী

গুৱাহাটীৰ পৰিবেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰণমেণ্টৰ উদ্যোগত আজি বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিবেশ সজাগতা সৃষ্টিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৱেষ্ট ৱাইজ, ফিউচাৰ ৱাইজ : বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু থার্মোকল ৰি-চাইক্লিং শীৰ্ষক এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলক আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত কিছু শিক্ষা প্ৰদান কৰা হয়।

এই কাৰ্যসূচীত বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা, থার্মোকল আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিবেশৰ দায়বদ্ধতা -এই তিনিটা বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মুঠ ৭৮জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত ৩৫জন ছাত্ৰ আৰু ৪৩গৰাকী ছাত্ৰীৰ লগতে পৰিবেশ সংস্থাটোৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

অসম প্ৰদূষণ নিয়ন্ত্রণ বোর্ডৰ সহকাৰী অভিযন্তা নীজ কাশ্যপে থার্মোকলৰ আৱৰ্জনা, পৰিবেশৰ ওপৰত ইয়াৰ প্ৰভাৱ, প্লাষ্টিক জ্বলোৱা আৰু আৱৰ্জনা নিষ্কাষণ পদ্ধতি সন্দৰ্ভত ভালেমান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰে।

ৱেষ্ট ৱাইজ আৰু ফিউচাৰ ৱাইজৰ দৰে কাৰ্যসূচীৰ জৰিয়তে ইতিবাচক আচৰণক আনুপ্ৰাণিত কৰাৰ লগতে দায়িত্বশীল তথা পৰিবেশ সচেতন প্রজন্ম গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচী সন্দৰ্ভত সংস্থাটোৰ এগৰাকী অন্যতম সদস্য মহাৰাণা চৌধুৰীয়ে এনেদৰে কয়।

এই একেটা অনুষ্ঠানতে থিংক গ্রীণ, এক্ট গ্ৰীণ নামৰ আন এটা কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। লগতে পৰিবেশ বিষয়ক কুইজ অনুষ্ঠিত কৰাৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক পৰিবেশ সুৰক্ষাৰ দিশত আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টা লোৱা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।