July 1, 2026 1:28 PM

views 38

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে এই দিৱস উদযাপন কৰে। এই উপলক্ষে বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, অভিনেত্রী চেতনা দাস, আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱনী বৰা আৰু আকাশবাণীৰ অনুষ্ঠানসমূহৰ প্ৰাক্তন মুৰব্বী দিলীপ দাসে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতেই আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দন উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষ...

July 1, 2026 12:49 PM

views 13

চিৰাং জিলাৰ গাৰুভাষাত কালি বজ্ৰপাতৰ ফলত দুজন যুৱক মৃত্যু

চিৰাং জিলাৰ গাৰুভাষাত কালি বজ্ৰপাতৰ ফলত দুজন যুৱক মৃত্যু হয়। মৃত যুৱক দুজন জেখনিয়া কিস্কু আৰু ইছাও টুডু বুলি জানিব পৰা গৈছে। এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

July 1, 2026 12:36 PM

views 21

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৪৮ চনৰ পহিলা জুলাইত আকাশবাণী শ্বিলং-গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মেহেৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেন ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ড° মহ...

June 26, 2026 1:57 PM

views 20

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ'ব। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে কালি গুৱাহাটীৰ লোকসেৱা ভৱনত ১৩ টা বিভাগত বাজেট প্রস্তাৱৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এইদৰে মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জনমুখী আৰু উন্নয়নমুখী বাজেটৰ জৰিয়তে অসমৰ সামগ্রিক বিকাশ ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এখন জনমুখী বাজেট প্রস্তুত কৰাৰ লক্ষ্যৰে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ পৰা পৰামৰ...

June 26, 2026 1:52 PM

views 19

ৰাজ্য চৰকাৰৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ

কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই ৰাজ্য চৰকাৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যত বৰ্তমান ২৬ লাখ ৫০ হাজাৰ পঞ্জীয়নভুক্ত কৃষক আছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা আৰু অধিক হ'ব লাগে যদিও আনৰ মাটি আধিয়া লৈ খেতি কৰা কৃষকে নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে এই সংখ্যা কম হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয়, যে আধিয়াকৈ খেতি কৰা কৃষকেও যাতে নাম পঞ্জীয়ন কৰিব পাৰে, তাৰবাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কালি কৃষি বিশ্ব...

June 26, 2026 1:45 PM

views 18

প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান লাভ

অসমে প্রধানমন্ত্ৰী সূৰ্যৰ্ঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী সূৰ্যৰ্ঘৰ বিনামূলীয়া বিদ্যুৎ বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ মাজত স্থান দিছে। তেওঁ লগতে কয়, যে ৰাজ্যৰ ১৭.৬ শতাংশ চাঁদত সৌৰ শক্তি সংযোগ লাভ কৰা উপভোক্তাৰ বিদ্যুৎ মাচুল শূন্য হৈ পৰিছে। সেউজ শক্তিৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।...

June 25, 2026 9:54 PM

views 14

বৰপেটা জিলাৰ উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক

● কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা জিলাত ৰূপায়ণ হৈ থকা কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। আঁচনিসমূহৰ লগত জড়িত বিভাগসমূহৰ জিলা মুৰববী আৰু প্রতিনিধি তথা বিষয়াসকলে নিজ নিজ কামৰ অগ্ৰগ...

June 25, 2026 8:25 PM

views 10

ৰাজ্যৰ পাঁচখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ নির্দেশ বাহাল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

● গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নির্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপীল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চলকেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নির্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈ...

June 25, 2026 7:58 PM

views 13

মাজুলীত মন্ত্রী সুশান্ত বৰগোঁহাইৰ গৰাখহনীয়া পৰিদৰ্শন

জলসম্পদ মন্ত্রী তথা মাজুলীৰ অভিভাৱক মন্ত্রী সুশান্ত বৰগোঁহাইয়ে আজি জিলাখনৰ মলয়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্রেই কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে। শ্রীবৰগোঁহাইয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্র বোর্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনি সুঁতিৰ মুখ বন্ধ কৰা আৰু বিজ্...

June 24, 2026 1:49 PM

views 20

নগাঁও চহৰৰ আমোলাপট্টি নিবাসী বিশিষ্ট সমাজকর্মী, সংগঠক ৰেখা শৰ্মাৰ দেহাৱসান

নগাঁও চহৰৰ আমোলাপট্টি নিবাসী বিশিষ্ট সমাজকর্মী, সংগঠক ৰেখা শৰ্মাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক কাম-কাজৰ সৈতে জড়িত, অসম আন্দোলনৰ অগ্ৰণী নেত্রী তথা বিজেপিৰ প্ৰাক্তন নেত্ৰী ৰেখা শৰ্মা সাহিত্য ৰচনাৰ সৈতেও জড়িত আছিল। ৯০ বছৰৰ ঊৰ্ধৰ মহিলাগৰাকীৰ বিয়োগত নগাঁও জিলা সাহিত্য সভাসহ বিভিন্ন সংস্থা-সংগঠন আৰু মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্রাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি ব্যক্তি বিশেষে শোক প্রকাশ কৰিছে।