দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। গণেশ চতুর্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজৰ আগমন হয় আৰু সকলোৱে সিদ্ধি দাতা গণেশ দেৱতাক পূজা-অৰ্চনা কৰে।
এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্রতীক। বিনায়ক চতুর্থী বা গণেশ উৎসৱ হিচাপেও পৰিচিত এই দিনটোৰ পৰাই ১০ দিনীয়া মহোৎসৱ আৰম্ভ হয় আৰু ভক্তসকলে ভগৱান গণেশৰ মৃণ্ময় মূৰ্তি ঘৰত ৰাখি পূজা-অৰ্চনা কৰে। গণেশ বিসৰ্জনৰ বিশাল আয়োজনেৰে এই মহোৎসৱৰ সামৰণি পৰে।
ভগৱান গণেশৰ মূৰ্তি বিসৰ্জনে সৃষ্টি আৰু বিনাশৰ প্ৰক্ৰিয়াক চিহ্নিত কৰে। গণেশ চতুর্থী মহাৰাষ্ট্ৰৰ প্ৰধান উৎসৱসমূহৰ অন্যতম আৰু ৰাজ্যখনৰ লোকসকলে অতি উলহ- মালহেৰে এই উৎসৱ পালন কৰে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণেশ চতুর্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্রীমতী মুৰ্মুৱে কয়, যে ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু পৱিত্ৰ আৰম্ভণিৰ প্ৰতীক। গণেশ চতুর্থী মহোৎসৱে আমাৰ জীৱনলৈ শক্তি, জ্ঞান আৰু ইতিবাচক চিন্তা কঢ়িয়াই আনে বুলি শ্ৰীমুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয়, যে এই পৱিত্ৰ উৎসৱে সকলোকে নতুন সংকল্পৰে প্ৰগতিৰ পথেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে ভগৱান গণেশে প্ৰত্যেকৰে জীৱনলৈ সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে প্ৰাৰ্থনা কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুর্থী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।
সামাজিক মাধ্যমৰ জৰিয়তে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্রী মোদীয়ে এই পৱিত্ৰ উৎসৱে প্ৰত্যেকৰে জীৱনত নতুন শক্তি আৰু উদ্দীপনা জগাই তুলিব বুলি কামনা কৰে। তেওঁ লগতে গণেশ দেৱতাৰ আশীৰ্বাদেৰে সকলো ক্ষেত্ৰত সফলতা প্রাপ্তিৰে দেশ নিৰন্তৰ প্ৰগতিৰ পথত আগুৱাই যাব বুলি কামনা কৰে।