September 14, 2026 5:05 PM
7
অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে গণেশ দেৱতাৰ পূজা-অৰ্চনা
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। গণেশ চতুর্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰসমূহত আজি পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজৰ আগমন হয় আৰু সকলোৱে সিদ্ধি দাতা গণেশ দেৱতাক পূজা-অৰ্চনা কৰে। এই দিনটো ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। ভগৱান গণেশ হৈছে জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্রতীক। বিনায়ক চতুর্থী বা গণেশ উৎসৱ হিচাপেও পৰি...