ডাক বিভাগৰ সৰ্বভাৰতীয় কৰ্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলে আজি কৰ্মচাৰী, ৰাজহুৱা দাবী নিস্পত্তি আৰু পেঞ্চন মন্ত্ৰী ড° জীতেন্দ্র সিঙক নতুন দিল্লীত সাক্ষাৎ কৰি ডাক সেৱাৰ ৰূপান্তৰকৰণৰ লগতে বিভাগটোৰ কৰ্মচাৰী সংস্থা আৰু পেঞ্চনভোগীসকলৰ বিভিন্ন সমস্যা সম্পর্কে আলোচনা কৰে।
প্ৰতিনিধি দলটোৱে ভাৰতীয় ডাক বিভাগক আধুনিক আৰু নাগৰিককেন্দ্ৰিক সেৱাৰ সুবিধাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনায়। দলটোৱে কয় যে এই পৰিৱৰ্তনসমূহৰ ফলত ভাৰতীয় ডাকৰ কাম প্ৰসাৰিত হোৱাৰ লগতে নাগৰিককেন্দ্ৰিক বিভিন্ন সেৱাৰে বিভাগটোক দেশৰ জনসাধাৰণৰ ওচৰ চপাই আনিছে।
এই আলোচনাৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ডাক বিভাগৰ পৰিৱৰ্তনে ডাকোৱালৰ পৰিৱৰ্তিত ভূমিকাকো প্ৰতিফলিত কৰিছে যি বৰ্তমান অন্যান্য প্রয়োজনীয় সেৱাসমূহৰ লগতে বেংকিং সেৱাকো জনসাধাৰণৰ ওচৰলৈ পোনপটীয়াকৈ লৈ গৈছে। তেওঁ কয় যে দেশজুৰি থকা ডাক বিভাগৰ বিশাল গাথনি এটা মূল্যৱান ৰাজহুৱা সেৱাৰ সম্পদ ইয়াক বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ ব্যাপক সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি।