লখিমপুৰৰ চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক প্রস্তুতি কৰ্মশালাত সাংসদ প্ৰদান বৰুৱাৰ অংশগ্ৰহণ

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক এখন প্রস্তুতি কৰ্মশালাত অংশগ্ৰহণ কৰে।

জনসেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ২৫ বছৰীয়া যাত্ৰাক স্মৰণ আৰু উদযাপনৰ লক্ষ্যৰে ৰাজ্যজুৰি হ’বলগীয়া সেৱা সংকল্প অভিযানৰ ৰূপায়ণৰ বাবে আজি জোনাই বিধানসভা সমষ্টিৰ চিমেন চাপৰিৰ বিহুতলীত অনুষ্ঠিত কৰ্মশালাত সাংসদ বৰুৱাই অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ হ’বলগীয়া এমাহজোৰা কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণক অৱগত কৰে।

এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ মাজত সেৱা, সুশাসন আৰু জনকল্যাণমূলক কাম-কাজৰ বাৰ্তা অধিক শক্তিশালীভাৱে লৈ যোৱাৰ লগতে বিভিন্ন জনকল্যাণমূলক আৰু সামাজিক কাৰ্যসূচী ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। এই কাৰ্যসূচীত তেওঁ দলীয় কর্মকর্তা তথা সতীৰ্থসকলক সহযোগ আগবঢ়াবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।