September 14, 2026 9:09 PM

views 5

লখিমপুৰৰ চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক প্রস্তুতি কৰ্মশালাত সাংসদ প্ৰদান বৰুৱাৰ অংশগ্ৰহণ

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক এখন প্রস্তুতি কৰ্মশালাত অংশগ্ৰহণ কৰে। জনসেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ২৫ বছৰীয়া যাত্ৰাক স্মৰণ আৰু উদযাপনৰ লক্ষ্যৰে ৰাজ্যজুৰি হ'বলগীয়া সেৱা সংকল্প অভিযানৰ ৰূপায়ণৰ বাবে আজি জোনাই বিধানসভা সমষ্টিৰ চিমেন চাপৰিৰ বিহুতলীত অনুষ্ঠিত কৰ্মশালাত সাংসদ বৰুৱাই অহা ১৭ ছেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ হ'বলগীয়া এমাহজোৰা কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ মাজত সেৱা, সুশাসন আ...

July 8, 2026 7:29 PM

views 10

কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্রতিনিধি দলৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্রতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে বানবিধবস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দ নগৰ, চিমেন নদীৰ ৰে'লৱে দলং, লেকু নৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়-ক্ষতিৰ বুজ লয়। প্রতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা...

January 4, 2026 8:58 PM

views 43

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি অসম প্রদেশ বিজেপিৰ ২০২৬ৰ বিধানসভা নির্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা মন্তব্য

অসম প্রদেশ বিজেপিৰ ২০২৬ৰ বিধানসভা নির্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি এখন সংবাদমেলত শ্ৰীবৰুৱাই কয়, যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি আৰু পঞ্চায়তত বিজেপিৰ নিৰ্বাচন প্ৰৱন্ধন সমিতি গঠন কৰা হৈছে। তেওঁ লগতে ৰাজ্যজুৰি হ'বলগীয়া দেৱাল লিখন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি কয়, যে কাইলৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ উপস্থিতিত মুখ্যমন্...

March 16, 2025 7:24 PM

views 50

চিলাপথাৰৰ দঞি-পঃল সাংস্কৃতিক ক্ষেত্ৰত নৱনিৰ্মিত অত্যাধুনিক প্রেক্ষাগৃহটো সাংসদ প্ৰদান বৰুৱাৰ উদ্বোধন

ধেমাজি জিলাৰ চিলাপথাৰৰ দঞি-পঃল সাংস্কৃতিক ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মিছিং জনগোষ্ঠীৰ উৎসৱ গিনমুৰ পঃল দূৰ য়ুমদেং আৰু কেন্দ্ৰীয় আলি-আঃয়ে-লৃগাঙৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। আজিৰ অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া আৰু পৰিষদৰ অধ্যক্ষ সুনীল পেগু উপস্থিত থাকে। এই অনুষ্ঠানতেই সাংসদ প্ৰদান বৰুৱাই চিলাপথাৰৰ দঞি-পঃল সাংস্কৃতিক ক্ষেত্ৰত প্ৰায় ৬ কোটি টকা ব্যয় সাপ...