July 8, 2026 7:29 PM | Pradan Baruah

printer

কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্রতিনিধি দলৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্রতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে বানবিধবস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দ নগৰ, চিমেন নদীৰ ৰে’লৱে দলং, লেকু নৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়-ক্ষতিৰ বুজ লয়। প্রতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীবন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্রতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, জোনাইৰ বিধায়ক ভূবন পেণ্ড, জিলা আযুক্ত প্রমুখ্যে অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্রস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰনিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি সাংবাদিকৰ আগত প্রকাশ কৰে।