মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশমৰ্মে আনন্দৰাম বৰুৱা ভাষা কলা সাংস্কৃতিক সংস্থাৰ উদ্যোগত অসমৰ জনগোষ্ঠীয় ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা কালিৰে পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অনুষ্ঠিত হৈছে। কাৰ্বি, দেউৰী, বড়ো, মিছিং, তিৱা আৰু ৰাভা ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদ কৰা হ’ব।
এই কর্মশালাত আটাইকেইটা জনগোষ্ঠীৰ সমল ব্যক্তিসকলে অংশগ্রহণ কৰিছে। কৰ্মশালাৰ উপদেষ্টা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ এম কামালুদ্দিন, ড০ বিভা ভৰালীয়ে অংশগ্ৰহণ কৰিছে।
আনন্দৰাম বৰুৱা ভাষা কলা সাংস্কৃতিক সংস্থাৰ উদ্যোগত ২০২৫ চনতে এই কর্মশালা আৰম্ভ কৰা হৈছিল। এই কৰ্মশালাত চূড়ান্ত অনুবাদৰ পাছতে জনজাতীয় ভাষাসমূহলৈ জিকিৰ আৰু জাৰী অনুবাদ কৰি গ্ৰন্থ হিচাপে প্ৰকাশ কৰা হ’ব বুলি আনন্দৰাম বৰুৱা ভাষা কলা সাংস্কৃতিক সংস্থাৰ সঞ্চালক ড০ যোগেশ কাকতিয়ে জানিবলৈ দিছে।
নগাঁও জিলাৰ পুৰণিগুদামৰ কেঞাপট্টিত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন জ্বলি উঠাৰ বাবে বাহনখনৰ ভিতৰত তিনিজন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৰুণাচল প্ৰদেশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা এটা খুঁটাত খুন্দা মৰাৰ ফলতে এই দুর্ঘটনাটো সংঘটিত হয়।