ৰাজ্যত ঠাই বিশেষ বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পশ্চিম-মধ্য আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ-পশ্চিম বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱত অসমৰ অধিকাংশ ঠাইত মজলীয়া বৰষুণৰ লগতে ঠাই বিশেষ বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি সকীয়াই দিছে।

বিভাগে পূব কাৰ্বি আংলং আৰু ডিমা হাচাওৰ কোনো কোনো ঠাইত প্ৰৱল বৰষুণ হ’ব পাৰে বুলিও বিভাগে প্ৰকাশ কৰিছে।

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে।

আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।